ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ সংবাদ

author img

By

Published : May 20, 2022, 9:06 AM IST

পুৱা 9 বজাৰ শীৰ্ষ সংবাদ

পুৱা 9 বজাৰ শীৰ্ষ সংবাদ
পুৱা 9 বজাৰ শীৰ্ষ সংবাদ

পুৱাতেই লালু প্ৰসাদ যাদৱৰ বাসগৃহত চলিল চি বি আইৰ অভিযান

লালু প্ৰসাদ যাদৱ আৰু ৰাৱৰী দেৱীৰ বাসগৃহত চি বি আইৰ অভিযান (CBI Raid at Lalu Yadav residence) ৷ ৰেলৱে’ বিভাগত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত চলোৱা হৈছে এই অভিযান ৷

অখিল গগৈক গামোচা পিন্ধাব খোজে জয়ন্ত মল্লবৰুৱাই !

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি একলাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুিতি আখৰে আখৰে পালন কৰা হ’ব বুলি উল্লেখ কৰি জয়ন্ত মল্লবৰুৱাই কয় যে, ডিচেম্বৰত নিযুক্তি পত্ৰ প্ৰদান কৰা সভালৈ অখিল গগৈকো মাতি এখন গামোচা পিন্ধাই দিয়া হ’ব ৷ যাতে ৰাইজৰ আগত অখিল গগৈয়ে ক’ব পাৰে চৰকাৰে নিযুক্তি দিছে বুলি ৷

অইলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰ্তৃপক্ষৰ

অইল ইণ্ডিয়া লিমিটেডৰ ওপৰত উগ্ৰপন্থী আক্ৰমণৰ সম্ভাৱনা থকা বুলি অসম আৰক্ষীয়ে সাৱধানবাণী দিয়াৰ পাছতে সমগ্ৰ বিষয়টোৱে অইল ইণ্ডিয়াৰ ভিতৰচ’ৰাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল (Possibility of attack of ULFA I on oil India limited) । আলফা(স্বা)য়ে তৈল প্ৰতিষ্ঠানত আক্ৰমণৰ সম্ভাৱনাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই ।

দুবছৰ পিছত পুনৰ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা

দুটা বছৰৰ পিছত পুনৰ অম্বুবাচী মেলা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ । ক'ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰ নীলাচল পাহাৰত অনুষ্ঠিত হোৱা নাছিল ইতিহাস প্ৰসিদ্ধ অম্বুবাচী মেলা (Ambubachi mela of Assam) । বিগত দুটা বছৰে অম্বুবাচীৰ সময়ত কোনো ধৰণৰ মেলা অনুষ্ঠিত নকৰি মাথো পৰম্পৰাগত নিয়ম ৰক্ষা কৰা হৈছিল ।

বেকী নৈৰ খহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব চৰকাৰ : অখিল গগৈ

‘‘তৎকালীনভাৱে বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব লাগে চৰকাৰে । অন্যথা বেকী নদীৰ গৰাখহনীয়া (Beki river erosion)ত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব ৰাজ্য চৰকাৰ" ৷ বৃহস্পতিবাৰে বেকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

বিধায়কেও বেলেগক পিঠিত উঠাব লাগিব: মুখ্যমন্ত্ৰী

লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই(MLA Sibu Misra) বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ পিঠিত উঠি বান পৰিস্থিতিৰ বুজ লোৱাৰ ঘটনাই ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ৷ ভৰিত বোকা লাগিব বুলিয়েই সাংবাদিকৰ পিঠিত উঠি বানত বুৰি থকা সমষ্টিবাসীবাসীৰ বতৰা ল’বলৈ সমষ্টিবাসীৰ এই ঘটনাক লৈ বিভিন্নজনে মন্তব্য আগবঢ়াইছে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও আগবঢ়াইছে মন্তব্য ৷

ম্যানমাৰৰ আলফা শিবিৰত চাৰি কেডাৰৰ মৃত্যুক লৈ পুনৰ চাঞ্চল্য

পুনৰ আলফা(স্বা)ৰ ম্যানমাৰৰ শিবিৰৰ পৰা নোহোৱা হ'ল তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণি গাঁৱৰ চাৰিগৰাকী যুৱক (Four youth missing from ULFA I camp) ৷ সমগ্ৰ তিনিচুকীয়া জিলাখনতেই এই খবৰে সৃষ্টি কৰিছে চাঞ্চল্য ৷

হোজাইত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বান পৰিস্থিতি পৰ্যবেক্ষণ

হোজাইত বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে আয়োজিত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু(Ronoj Pegu present at Hojai) । হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যবেক্ষণমূলক বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰীগৰাকী ।

ডিফুৰ বোকাজানত এগৰাকী মহিলাই জন্ম দিলে তিনিটাকৈ কন্যা সন্তান

ডিফু চিকিৎসা মহাবিদ্যালয়ত এগৰাকী গৰ্ভৱতী মহিলাই জন্ম দিলে তিনিটাকৈ কন্যা সন্তান(Three Baby born in Diphu) ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা ১৫ মে'ত বোকাজানৰ নিবাসী সঞ্জয় মজুমদাৰৰ গৰ্ভৱতী পত্নী ৰিংকু মজুমদাৰক বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰসূতিজনিত কাৰণত ভৰ্তি কৰা হয় যদিও তাৰ পৰা মহিলাগৰাকীক ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

কলগাছিয়াত বজ্ৰপাতত নিহত এজন যুৱক

কলগাছিয়াৰ লাংলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ লাংলাত বজ্ৰপাতৰ ফলত এজন যুৱকে মৃত্যুক সাৱটি লয় (One person died in lightning strike at Kalgachia) । মৃত যুৱকজনৰ বয়স 30 বছৰ বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.