বাৰ্থডে' পাৰ্টীত অংশগ্ৰহণ কৰাৰ কথা কৈ আলফা(স্বা)লৈ গ’ল নেকি যুৱক ?
পুনৰ আলফা স্বাধীনলৈ তিনি যুৱক । বৰ্তমান কামপুৰ পটিয়াপামৰ তিনিজন যুৱক আলফা স্বাধীনত যোগদানৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ আটাইকেইজন ম্যানমাৰ শিবিৰত যোগদান কৰাৰ সন্দেহ কৰা হৈছে (suspected ULFA-I joining of Kampur youth) । এই তিনি যুৱকক্ৰমে কামপুৰ পটীয়াপামৰ প্ৰবিন বৰা আৰু ৰীণা বৰাৰ কনিষ্ঠ পুত্ৰ তন্ময় বৰা(১৯) কামপুৰ বনপালি গাঁৱৰ যুৱক দীপাংকৰ গোৱালা(২৫) আৰু নতুন আদৰ্শ গাঁৱৰ সুভাষ হীৰা(২৫)।
ফাকুৱাৰ দিনাই টিফুক চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ
ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে আমগুৰি টিফুক চাহ বাগিচাত শুকুৰবাৰে পুৱা সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ চাহ বাগিচাৰ শ্ৰমিকক ফাকুৱাৰ বন্ধ নিদিয়াক লৈ পাঁচ শতাধিক চাহ শ্ৰমিকে ঘেৰাও কৰে টিফুক চাহ-বাগিচা বাগিচা ৷
নাথাকিব অসমৰ প্ৰতিনিধি, কংগ্ৰেছ শূন্য হ'ব নেকি ৰাজ্যসভা ?
অহা ২ এপ্ৰিলত কংগ্ৰেছৰ বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ক্ৰমে ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল শেষ হ'ব । খালী দুয়োখন আসনৰ বাবে অহা ৩১ মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন (Rajya Sabha election 2022)। কিন্তু এইবাৰ বিৰোধী কংগ্ৰেছৰ হাতত নাথকিব নেকি এখনো আসন ? ইতিমধ্যে শাসকীয় বিজেপি মিত্ৰজোঁটে দুয়োখন আসন দখল কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে ।
নিৰ্বাচন শেষ :মাজুলীতে হোলী উদযাপন কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে
আবিৰৰ ৰঙত মতলীয়া হৈছে সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীবাসী (Holi in Majuli) ৷ শুকুৰবাৰে মাজুলীৰ চামগুৰি সত্ৰ (Chamaguri Satra in Majuli ) ৰ দৌলযাত্ৰাত অংশ লয় বিগত মাজুলী উপ-নিৰ্বাচন (Majuli by Election) ৰ বিৰোধীৰ উমৈহতীয়া অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে ৷
Wood smugglers encounter: চৰাইদেউত কাঠৰ চোৰাং সৰবৰাহকাৰীলৈ বনকৰ্মীৰ গুলী
চৰাইদেউৰ বৰহাটৰ ডফলাত বন বিভাগৰ গুলিচালনা(Wood smugglers encounter in Charaideo) ৷ বৃহস্পতিবাৰে কাঠৰ চোৰাং সৰবৰাহকাৰীলৈ লক্ষ্য কৰি ৪ জাঁইকৈ গুলীচালনা বন বিভাগৰ লোকৰ ৷ হালোৱা খণ্ড বনাঞ্চলৰ ভিতৰত কাঠৰ চোৰাং সৰবৰাহকাৰীয়ে মেচিনেৰে মূল্যবান গছ কাটি থকা অৱস্থাত সেই স্থানত বন বিভাগৰ লোকৰ উপস্থিত হোৱাৰ পাছতেই সংঘটিত হয় এই ঘটনা ৷
সীমান্তত নিৰাপত্তা বাহিনীৰ হোলী উদযাপন
দেশজুৰি হোলী উদযাপন (Holi celebration in India) । নিৰাপত্তা বাহিনীৰ জোৱানসকলেও উদযাপন কৰিছে ৰঙৰ উৎসৱ হোলী । ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলা জেমিথাং চেক্টৰত সশস্ত্ৰ সীমা বলৰ ৬৭ বাহিনীয়ে উদযাপন কৰিছে হোলী ।
চি আই ডিৰ জালত পৰিছে বটদ্ৰৱাৰ শিক্ষা বিষয়া বাহাৰুল ইছলাম
চি আই ডিৰ জালত পৰিছে নগাঁৱৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ বিষয়া বাহাৰুল ইছলাম (Education Officer arrest in Nagaon)৷ কিন্তু কিয় বিষয়াগৰাকীক আটক কৰা হৈছে সেই সম্পৰ্কে লাভ কৰা নাই কোনো তথ্য ৷
বিয়াৰ পিছতে পলাল দৰা: বোৱাৰীক গৃহপ্ৰৱেশত বাধা
বহুতে পলাই গৈ বিয়া পাতে যদিও কলগাছিয়াত বিয়া পাতিহে পলাল দৰা (Groom escapes after marriage in kalgachia)৷ বিয়াৰ পিছতে দৰাৰ ঘৰত কইনাক চমজাই দিবলৈ গৈ এক প্ৰকাৰৰ কুৰুক্ষেত্ৰৰ সন্মুখীন হ’বলগীয়া হ’ল কইনাৰ পক্ষ ৷ বিষয়টো এতিয়া আৰক্ষীয়ে চোৱাচিতা কৰি আছে যদিও সন্ধান পোৱা নাই দৰাৰ ৷
সমষ্টিবাসীৰ সৈতে ফাকু খেলাত ব্যস্ত বিধায়ক দিগন্ত কলিতা
আবিৰৰ ৰঙত মতলীয়া হৈছে ৰাজ্যৰ চৌদিশ ৷ বাদ পৰি ৰোৱা নাই কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাও (Kamalpur MLA Diganta Kalita celebrate Holi festival) ৷ শুকুৰবাৰে পুৱাই নিজ সমষ্টিত ফাকু খেলাত ব্যস্ত হৈ পৰে বিধায়কগৰাকী ।
বাজেটত গুৱাহাটীৰ প্ৰকৃত উন্নয়নৰ ছবি প্ৰতিফলনত ব্যৰ্থ চৰকাৰ
বিত্ত মন্ত্ৰী অজন্তা নেওগে বুধবাৰে বিধানসভাত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটত (Finance Minister Ajanta Neog submits financial budget) গুৱাহাটীৰ উন্নয়নৰ বাবে কেতবোৰ আঁচনি আৰু পৰিকল্পনা ঘোষণা কৰিছে । ইয়াৰে কেতবোৰ আঁচনি আৰু পৰিকল্পনা পুৰণি ।