ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 1, 2022, 7:00 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

টাগাত ম্যানমাৰ সেনাই উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে প্ৰত্যাহাৰ কৰিলে অভিযান

উত্তৰ-পূব ভাৰতৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন সমূহৰ ঘাটি হিচাবে পৰিচিত ম্যানমাৰৰ টাগা অঞ্চলৰ পৰা প্ৰত্যাহাৰ সামৰিক অভিযান (Army Withdrawal military operations from Taga of Myanmar)। ইয়াৰ লগে লগে অধিক সহজ হৈ পৰিল আলফা (স্বাধীন)কে ধৰি আন বিদ্ৰোহী সংগঠনৰ পুনৰ গঠন প্ৰক্ৰিয়া।

Flood in Assam: ৰাজ্যৰ ৩০ লক্ষাধিক বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি

বিগত ২৪ ঘণ্টাত বানাক্ৰান্ত ৰাইজৰ বাবে যোগান ধৰা হৈছে ৭,৯৩৮ কুইণ্টল চাউল, ৮৬১ কুইণ্টল দাইল, ২১০ কুইণ্টল নিমখ আৰু ২০৩৪৫ লিটাৰ মিঠাতেল । জনে প্ৰতি ২৬৫ গ্ৰাম চাউল, ০.০২৮৭ কিলোগ্ৰাম দাইল, ০.০০৭ কিলোগ্ৰাম নিমখ আৰু ০.০০৬৮ লিটাৰ মিঠাতেল । বিগত ২৪ ঘণ্টাত বানে প্ৰাণ ল'লে ৮জনৰ ।

মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন ডিমা হাছাওৰ ২ সেনা জোৱান

হাফলং আৰু উমৰাংচুৰ যুৱক দুগৰাকী উক্ত ভূমিস্খলনৰ ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে (Two youth from Haflong and Umrangsu missing in landslide) । সন্ধানহীন জোৱান দুজনৰ এজন নিম্ন হাফলঙৰ কাশীপুৰৰ প্ৰিয়ম দত্ত বুলি জানিব পৰা গৈছে । অৱশ্যে উমৰাংচুৰ সন্ধানহীন যুৱকজনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

একনাথ সিন্দেই দি যোৱা ৫১ লাখ টকাৰ সাহাৰ্য নালাগে: অখিল গগৈ

শুকুৰবাৰে নলবাৰীৰ বৰভাগৰ বৰশিমলুৱাত বন্যাৰ্তৰ খবৰ লয় বিধায়ক অখিল গগৈয়ে (Akhil Gogoi Visit Flood affected area of Nalbari) ৷ অসমৰ বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ একনাথ সিন্দেই আগবঢ়োৱা ৫১ লাখ টকাৰ সাহাৰ্য নালাগে বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷

Flood at Rangia: ৰঙিয়াত বন্যাৰ্তৰ কাষত অখিল গগৈ

ৰঙিয়াৰ বগৰীবাৰীত শুক্ৰবাৰে উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ ৰঙিয়াত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল’লে বিধায়কগৰাকীয়ে (MLA Akhil Gogoi visited flood effected area of Rangia)৷

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবীত AJYCPৰ অৱস্থান ধৰ্মঘট

যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ৷ অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে(AJYCP demands Assam flood and erosion National problem), বান-গৰাখহনীয়া সমস্যা শীঘ্ৰেই সমাধান কৰা, বান-গৰাখহনীয়া আক্ৰান্ত পৰিয়ালসমূহক খাদ্য সামগ্ৰী, বানাক্ৰান্তক ক্ষতিপূৰণ প্ৰদানৰ লগতে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত চৰকাৰ বিৰোধী ধ্বনি দি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে(AJYCP protest in Jorhat) ।

কৃত্ৰিম বানত বুৰিল ডিব্ৰুগড়ৰ 22 টা ৱাৰ্ড

হঠাৎ ডিব্ৰুগড় চহৰখন পৰিণত হ’ল ডিব্ৰুগড় সাগৰলৈ (Artificial flood in Dibrugarh) ৷ কৃত্ৰিম বানত বুৰ গ’ল ডিব্ৰুগড় চহৰখনৰ পৌৰসভাৰ অন্তৰ্গত 22 টা ৱাৰ্ড ৷ পানীত হাঁহ নচৰা অৱস্থা এতিয়া ডিব্ৰুগড়বাসীৰ ৷

হোজাইৰ মাৰ্কাজুল মাআৰিফৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ

হোজাইৰ মাৰ্কাজুল মাআৰিফৰ উদ্যোগত পৰিৱেশ সজাগতা আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Plantation programme organized by Markazul Maarif) ৷ অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য আৰু মাৰ্কাজুল মাআৰিফৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী (AJYCP protest in Nalbari)৷ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰা আৰু বানাক্ৰান্তক পুনৰ সংস্থাপনৰ দাবীত নলবাৰী জিলা সমিতিয়ে ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।

নলবাৰীত বিজেপি কৰ্মীৰ দ্বাৰা অপদস্থ অখিল গগৈ

নলবাৰীৰ বৰভাগত বন্যাৰ্তৰ খবৰ ল’বলৈ অহা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক অপদস্থ (Akhil Gogoi in Nalbari) । বৰ শিমলুৱাত অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰাৰ পাচতেই একাংশ বিজেপি কৰ্মীয়ে অখিল গগৈক অপদস্থ কৰে (Akhil Gogoi humiliated by BJP workers in Nalbari) ৷ অখিল গগৈক অপদস্থ কৰা বিজেপি কৰ্মীজনৰ নাম কৰুণা কলিতা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে পৰৱৰ্তী সময়ত একাংশ গাঁওবাসীৰ হস্তক্ষেপত শাম কাটে পৰিস্থিতি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.