জনীয়া, 15 এপ্ৰিল : হিন্দুত্বাবাদী নেতা প্ৰবীন ভাই টোগাৰিয়াই (Hindu leader praveen bhai togadia)কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সদস্য আব্দুল জলিল তালুকদাৰে শুকুৰবাৰে এক সংবাদমেলৰ আয়োজন কৰে (TMC member Press meet in Kalgachia)। অসমত ৫০ লাখ বাংলাদেশী আছে বুলি প্ৰবীন ভাই টোগাৰিয়াই কৰা এই মন্তব্য শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ বাহিৰে অন্য একো নহয় বুলি কয় আব্দুল জলিল তালুকদাৰে ।
অসমত ৫০ লাখ বাংলাদেশী থকা বুলি টোগাৰিয়াই মন্তব্য কৰিছিল যদিও তাক তীব্ৰ প্ৰত্যাহ্বান জনাই তালুকদাৰে কয় যে, যদি অসমত ইমান সংখ্যক বাংলাদেশী আছে তেন্তে তাৰ খতিয়ান প্ৰকাশ কৰক । অন্যথা এনে ভিত্তিহীন মন্তব্য কৰি শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব বুলি সকিয়াই দিয়াৰ লগতে জিলাই জিলাই DNA পৰীক্ষা কৰাৰ কথাৰো চোকা সমালোচনা কৰি টোগাৰিয়াই এই অধিকাৰ ক'ত পালে বুলিও এক প্ৰশ্ন উত্থাপন কৰে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সদস্যগৰাকীয়ে ।
তেওঁ কয় যে, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ কৈছে ঐক্য জীহ কৰাৰ কাৰণে হিন্দীৰ প্ৰয়োজন আছে, হিন্দী ৰাষ্ট্ৰীয় ভাষা আমি মানো কিন্তু ভাৰতত ৭৫ বছৰত ঐক্যৰ কোনো বিনষ্ট হোৱা নাই ।
লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে কাশ্মীৰ ফাইলচ সন্দৰ্ভত কৰা মন্তব্যৰ (Assam CM comments on The Kashmir Files movie) ওপৰতো তেওঁ কয় যে, পুৰণি ঘাঁ খুচৰি তেজ উলিয়াব নালাগে । এইখন শংকৰ-আজানৰ দেশ ৷ লগতে শংকৰ- মাধৱৰ শান্তি সম্প্ৰীতি, ঐক্য সমগ্ৰ দেশত অটুত ৰখাৰ আহ্বান জনায় অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সদস্য আব্দুল জলিল তালুকদাৰে ।
লগতে পঢ়ক : GMC elections 2022 : গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা