জনীয়া,২৫ মাৰ্চ: নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত জনীয়া সমষ্টিৰ আন দলৰ প্ৰাৰ্থীসকলৰ দৰে তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল জলিল তালুকদাৰো কোনো গুণে পিছ পৰি থকা নাই । জনীয়া চাৰিআলি চ'কত প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এক সভাৰ আয়োজন কৰা হয় । সমাজ সচেতক আব্দুল ছামাদৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত উদ্দেশ্য ব্যাখ্যা কৰে তৃণমূল কংগ্ৰেছৰ জনীয়া সমষ্টি কমিটিৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইনে ।
উক্ত সভাত জনীয়া বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী আব্দুল জলিল তালুকদাৰে ভাষণত সম্প্ৰতি একাংশ দলীয় নেতাৰ বক্তব্যত সততে শুনিবলৈ পোৱা হিন্দু-মুছলমান, সংখ্যালঘু-সংখ্যাগুৰুৰ প্ৰাচীৰ আঁতৰ কৰি ঐক্য শান্তি আৰু সম্প্ৰতিৰ হকে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
তদুপৰি তেওঁ নিৰ্বাচিত হ'লে গৰাখহনীয়া প্ৰতিৰোধ, নিৱনুৱা সমস্যা সমাধান, জনীয়া উন্নয়ন খণ্ডৰ বাবে গুৰুত্ব দিব বুলিও আশ্বাস প্ৰদান কৰে উপস্থিত ৰাইজক । লগতে ভাষণ প্ৰসংগত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপি, কংগ্ৰেছ, এআইইউডিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰে । ইয়াৰ মাজতে প্ৰাৰ্থীগৰাকীৰ মন্তব্য জনীয়াত খেলাও নহয়, মেলাও নহয় কেৱল যুদ্ধ হ'ব ।
লগতে পঢ়ক:ভোটাৰক আকৰ্ষণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ