বৰপেটা,24 এপ্ৰিল: বৰপেটাত প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ শুকুৰবাৰৰ দিনটোত বৰপেটাত নতুনকৈ ৬৮ গৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত হয় ৷ সম্প্ৰতি জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৩২০ গৰাকী ৷
শুকুৰবাৰৰ দিনটোত মুঠ ৩,৬৬৪ গৰাকীকৈ লোকৰ ক’ভিড-19 পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে ৰেট পৰীক্ষা কৰা হৈছিল ৩,৪৯৬ গৰাকীৰ আৰু আৰটিপিচিআৰ পৰীক্ষা কৰা হৈছিল ১৬৮ গৰাকীকৈ লোকৰ ৷ জিলাখনত কৰ’ণাৰ দ্বিতীয়টো ঢৌত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৩৬৪ গৰাকী ৷ ইয়াৰে ৪০ গৰাকী ইতিমধ্যে কৰ’ণা মুক্ত হৈছে আৰু ৩ গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷
তথ্য অনুসৰি শুকুৰবাৰৰ দিনটোত বৰপেটাত কৰ’ণাত আক্ৰান্ত এগৰাকী লোকৰ মৃত্যু হৈছে ৷ বৰ্তমানলৈকে ভআইৰাছবিধত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে দুগৰাকী ৷ মৃত্যুক সাৱটি লোৱা এগৰাকী বৰপেটাৰোডৰ কলহভাংগাৰ হোৱাৰ বিপৰীতে আন গৰাকী দহাটীৰ বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, বৰপেটাৰোডৰ কলহভাংগাৰ আক্ৰান্ত গৰাকী বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু বৰপেটা টাউনৰ আক্ৰান্ত গৰাকী গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ৷
লগতে পঢ়ক : ধুবুৰীত ১০৩ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা