ETV Bharat / state

বন্ধন বেংকৰ ঋণ পৰিশোধৰ বাবেই থপিয়ালে পথচাৰীৰ বেগ !!

বৰপেটা ৰোডৰ ইউকো বেংকৰ কৰ্মচাৰীক লুট চিলনী চোৰৰ ৷ বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিবলৈ বৰপেটা ৰোডৰ ইউকো বেংকত কাম কৰা মহিলাৰ বেগ টানি ৰঙাঘৰৰ আলহী হ’ল চিলনী চোৰ ৷

author img

By

Published : Oct 30, 2019, 12:12 AM IST

বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিবলৈ চুৰি কাৰ্য ! চিধাই সোমাল ৰঙাঘৰত

বৰপেটা, 29 অক্টোবৰ: বৰপেটা ৰোডৰ ইউকো বেংকৰ কৰ্মচাৰী জোৎস্না দাসক লুট চিলনী চোৰৰ ৷ মহিলাগৰাকীয়ে বেংকত নিজ কৰ্তব্য সমাপন কৰি সন্ধিয়া ফৰেষ্ট কলনিৰ পথেৰে খোজকাঢ়ি ঘৰলৈ গৈ আহি থকা সময়তেই মহিলাগৰাকীৰ বেগ টানি উধাও হয় দুই চিলনী চোৰে ৷ অৱশ্যে পিচত বৰপেটা ৰোড আৰক্ষীয়ে এটা চিলনী চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও এজন বৰ্তমানলৈকে পলাতক ৷ আটকাধীন চিলনী চোৰটোৰ নাম হৈছে ওলা বসুমতাৰী ৷ আৰক্ষীৰ জেৰাত হাউলীৰ হাতীজানাৰ অকণ বসুমতাৰীৰ পুত্ৰ ওলা বসুমতাৰীয়ে কয়, 30 নৱেম্বৰত বন্ধন বেংকৰ পৰা লোৱা ঋণৰ কিস্তি আদায় দিবৰ বাবেই এই চুৰি কাৰ্য সংঘটিত কৰে ৷ এখন নম্বৰ প্লেট বিহীন স্কুটিৰে মঙলবাৰে বৰপেটা ৰোডত এজন সতীৰ্থৰ সৈতে এই কাৰ্য সংঘটিত কৰে ওলা বসুমতাৰী নামৰ যুৱকজনে ৷

ইউকো বেংকৰ কৰ্মচাৰীক লুট, সোমাল ৰঙাঘৰত

উল্লেখ্য যে, দুই বছৰ পূৰ্বে বন্ধন বেংকৰ পৰা দুই লাখ টকাৰ ঋণ লৈছিল চিলনী চোৰ ওলা বসুমতাৰীয়ে ৷ এবছৰে ঋণৰ কিস্তিৰ ধন পৰিশোধ কৰিছে যদিও বুধবাৰে বন্ধন বেংকৰ কিস্তিৰ ধন আদায় দিয়াৰ আছিল অন্তিম সময়সীমা ৷

ভুক্তভোগী মহিলাগৰাকীৰ ভাষ্য অনুসৰি বেগটোত আছিল মুঠ সাত হাজাৰ টকা ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন চিলনী চোৰটোৰ পৰা মাত্ৰ এহাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ বাকী ছয় হাজাৰ টকা আনটো চিলনী চোৰে লৈ উধাও হয় ৷ ঘটনা সম্পৰ্কত মহিলাগৰাকীয়ে বৰপেটাৰোড আৰক্ষীচকীত এখন এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও আনজন চিলনী চোৰক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

Intro:বৰপেটা 29 অক্টোবৰ : বৰপেটাৰোডৰ ইউকো বেংকৰ কৰ্মচাৰী জোৎস্না দাস নামৰ এগৰাকী মহিলাই নিজ কৰ্তব্য সমাপন কৰি মঙলবাৰে সন্ধিয়া ফৰেষ্ট কলনিৰ পথেৰে খোজকাঢ়ি ঘৰলৈ গৈ থাকোতে মহিলা গৰাকীৰ বেগ টনা এটা চিলনী চোৰক বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও আনজন চিলনী চোৰ পলাই যাবলৈ সক্ষম হয় ৷ আটকাধীন চিলনী চোৰটোৰ নাম ওলা বসুমতাৰী ৷ Body:হাউলীৰ হাতীজানাৰ অকণ বসুমতাৰীৰ পুত্ৰ ওলা বসুমতাৰীয়ে বন্ধন বেংকৰ পৰা লোৱা লোনৰ কিস্তিৰ ধন আদায় দিয়াৰ তাৰিখ আছিল অহাকালি (বুধবাৰে) ৷ সেয়ে দুটা চিলনী চোৰে এখন নম্বৰপ্লেট বিহীন স্কুটিৰে মঙলবাৰে বৰপেটাৰোডলৈ আহি বেংকত কাম কৰা মহিলা গৰাকীয়ে নিজ গৃহাভিমুখে গৈ থকা সময়ত মহিলা গৰাকীৰ বেগ টানা বুলি চিলনী চোৰটোৱে আৰক্ষীৰ স্বীকাৰোক্তি দিয়ে ৷ উল্লেখ্য যে বিগত দুই বছৰ পূৰ্বে ওলা বসুমতাৰী নামৰ চিলনি চোৰটোৱে বন্ধনৰ পৰা দুই লাখ টকা লোন লৈছিল ৷ লোনৰ কিস্তিৰ ধন এবছৰ পৰিশোধ কৰিছে যদিও কাইলৈ বন্ধন বেংকৰ কিস্তিৰ ধন আদায় দিয়াৰ কথা আছিল ৷ বৰপেটাৰোডৰ ফৰেষ্ট কলনিৰ নিৰ্জন পথেৰে সন্ধিয়া মহিলা এগৰাকীয়ে খোজকাঢ়ি গৈ থকাৰ সময়তে পিছ পিনৰ পৰা আহি চিলনী চোৰটোৱে বেগখন টানিবলৈ লওতেই চিঞৰি দিয়াত অইন পথচাৰীয়ে চিলনী চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ইউকো বেংকত কাম কৰা মহিলা গৰাকীৰ বেগত মুঠ সাত হাজাৰ টকা আছিল ৷ আটকাধীন চিলনী চোৰটোৰ পৰা মাত্ৰ এহাজাৰ টকাহে পাবলৈ সক্ষম হয় ৷ যদিও বাকী ছয় হাজাৰ টকা আনজন চিলনী চোৰেলৈ পলায়ন কৰিবলৈ সক্ষম হয় ৷ ঘটনা সম্পৰ্কত মহিলা গৰাকীয়ে বৰপেটাৰোড আৰক্ষী এখন এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও আনজন চিলনী চোৰক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.