জনিয়া, 31 অক্টোবৰ : কলগাছিয়াত নিতৌ বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime in Kalgachia) ৷ ড্ৰাগছ, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ এখন গোপন বজাৰ হৈ পৰাৰ সমান্তৰালকৈ বৃহত্তৰ কলগাছিয়া অঞ্চলত বৃদ্ধি পাইছে চুৰি ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা ৷ আৰক্ষীৰ চকুত ধুলি দি অঞ্চলটোত এচাম অপৰাধীয়ে নিতো সংঘটিত কৰিছে নানানটা অপৰাধজনিত ঘটনা ৷
শেহতীয়াকৈ বৰপেটা জিলাৰ বৃহত্তৰ কলগাছিয়াত সংঘটিত বিভিন্ন অপৰাধজনিত ঘটনাই এতিয়া নিদ্ৰা হৰণ কৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ ৷ বিভিন্ন সময়ত অপৰাধ সংঘটিত কৰি অহা অপৰাধীক স্থানীয় ৰাইজে আটক কৰি সংশোধনৰ সুযোগ প্ৰদান কৰিছে যদিও কোনো পৰিৱৰ্তন পৰিলক্ষিত নহ’ল এইসমূহ অপৰাধীৰ ক্ষেত্ৰত ৷
তাৰেই এক উদাহৰণেৰে আজিৰ এই প্ৰতিবেদন ৷
কেইদিনমানৰ পূৰ্বৰ এটা চুৰিকাণ্ডৰ ঘটনা ৷ ঘটনাটো সংঘটিত হৈছিল কলগাছিয়াৰ সাওৰাচৰা গাঁৱত (Goat Thief case) ৷ শেষৰাতি বাঘবৰৰ কোনো এঘৰত সিন্ধি দি চোৰে চুৰি কৰিছিল গৃহস্থৰ ঘৰৰ ছাগলী ৷ ঘৰখনত চুৰি হোৱাৰ উমান পাই গৃহস্থকে ধৰি স্থানীয় ৰাইজে চোৰটোক হাতে-লোটে ধৰি উত্তম মাধ্যম সোধাই সংশোধনৰ সুযোগ দি এবাৰৰ বাবে এৰি দিয়ে ৷
কিন্তু সংশোধন নহ’ল চোৰৰ ৷ চোৰৰ গাত পৰা ঔকিলৰ দাগ মাৰ নৌযাওতেই গাত তেল সানি চোৰ পুনৰ ওলাল আন এটা অভিযানলৈ ৷ এইবাৰ চোৰৰ লক্ষ্য মজিদভিটা গাঁৱৰ জামাল উদ্দিনৰ ঘৰ ৷ দেওবাৰে নিশা চোৰটোৱে জামাল উদ্দিনৰ ঘৰত প্ৰৱেশ কৰি নগদ 50 হাজাৰ টকা চুৰি কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে গৃহস্থ আৰু স্থানীয় ৰাইজে মিলি চোৰক কৰিলে আটক (Thief detain at Jania) ৷
গৃহস্থৰ তামোল গছত বান্ধি চোৰৰ পিঠিত আকৌ ৰাইজৰ ঔকিল পৰিল (Thief detained by villagers at Jania) ৷ এইবাৰ ৰাইজৰ জেৰাত চোৰে দিলে নিজৰ পূৰ্বৰ কু-কৰ্মৰ বৰ্ণনা ৷ বালিকুৰি এন চি গাঁৱৰ এই চোৰটোৱে বৰ্তমানলৈকে এশৰো অধিক চুৰিকাণ্ড সংঘটিত কৰিছে ৷ চোৰে স্বীকাৰ কৰা এই কথা শুনি উপস্থিত ৰাইজেও মূৰে কপালে হাত দিলে ৷ লগতে আৰক্ষীৰ ভুমিকাক লৈয়ো তুলিলে প্ৰশ্ন ৷
যি সময়ত চৰকাৰখনে অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীক উন্নত প্ৰযুক্তিৰে স্মাৰ্ট বনাবৰ বাবে প্ৰচেষ্টা চলাই আহিছে, তেনে সময়ত আৰক্ষীৰ নিৰৱ ভুমিকাক সকলোৱে দিছে ধিক্কাৰ ৷ আৰক্ষীৰ নিৰৱ ভুমিকাৰ সুযোগ লৈয়ে বিনা দ্বিধাই অপৰাধীয়ে দৈনিক কৰি গৈছে নানান অপৰাধ ৷
সময় থাকোতেই বিভিন্ন অপৰাধ নিয়ন্ত্ৰণৰ বাবে স্থানীয় প্ৰসাশন তথা আৰক্ষীক কঠোৰ হৈ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কলগছীয়াবাসী ৰাইজে ৷
লগতে পঢ়ক : Miscreants vandalized temple idol : মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক উত্তম মধ্যম ৰাইজৰ