বৰপেটা,২৩ এপ্ৰিলঃ ক’ৰণা ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে বৰপেটা জিলাত টাস্ক ফ'ৰ্চ অৰ্থাৎ কৰ্মী বাহিনী গঠন । ক’ভিড নিয়মাৱলী কঠোৰভাৱে পালনৰ বাবে জিলা প্ৰশাসনে ৰাজহ চক্ৰ ভিত্তিত গঠন কৰিছে টাস্ক ফ'ৰ্চ ৷
চক্ৰ বিষয়া, এগৰাকী সহকাৰী আয়ুক্ত, স্থানীয় থানাৰ আৰক্ষী বিষয়া, পৌৰ সভাৰ এগৰাকী মনোনীত বিষয়াৰ লগতে সংশ্লিষ্ট উন্নয়ন খণ্ডৰ বিষয়া বা তেঁওৰ দ্বাৰা মনোনীত এজন বিষয়াৰ দ্বাৰা গঠন কৰা হৈছে টাস্ক ফ'ৰ্চ । এই বাহিনীয়ে নিজ নিজ অঞ্চলৰ ক’ৰণা জনিত পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে ক’ভিড নিয়মাৱলী সমূহ সঠিকভাৱে পালন হোৱাটো নিশ্চিত কৰিব ।
ইফালে জিলাখনৰ ক’ৰণা জনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰাথমিক বিদ্যালয়ৰ পিছতে অঙ্গনবাড়ী কেন্দ্ৰ সমূহো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জানিবলৈ দিছে ।
লগতে পঢ়কঃ অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ