ETV Bharat / state

পল্লা নদীত অঘটন, বন্ধুক উদ্ধাৰ কৰিবলৈ গৈ সন্ধানহীন ছাত্ৰ

নদীত গা ধুবলৈ গৈ সন্ধানহীন বৰপেটা ৰোডৰ দ্ৰোণাচাৰ্য একাডেমীৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ অজয় কুমাৰ চাহু ৷

পল্লা নদীত অঘটন, সন্ধানহীন পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ
author img

By

Published : Aug 11, 2019, 9:07 PM IST

বৰপেটা, 11 আগষ্টঃ পল্লা নদীত অঘটন ৷ নদীত গা ধুবলৈ গৈ সন্ধানহীন বৰপেটা ৰোডৰ দ্ৰোণাচাৰ্য একাডেমীৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ অজয় কুমাৰ চাহু ৷ সহপাঠী বন্ধু খুমদাম ব্ৰহ্মৰ সৈতে দেওবাৰে দুপৰীয়া বাইকেৰে পল্লা নৈৰ বেলগুৰি ঘাটত গা ধুবলৈ গৈছিল দুই বন্ধু ৷ খুমদামে নৈত নমাৰ পাছতেই নৈৰ প্ৰৱল সোঁতে খুমদাম ব্ৰহ্মক উটুৱাই নিয়াত বন্ধু অজয়ে উদ্ধাৰ কৰিবলৈ নদীত জাঁপ দিয়ে ৷ পিচত স্থানীয় লোকে প্ৰত্যক্ষ কৰি ততালিকে খুমদাম ব্ৰহ্মক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুৰ্ভাগ্যজনক ভাৱে পল্লাৰ নৈৰ প্ৰৱল সোঁতে বহু দূৰলৈ উটুৱাই নিয়ে অজয় কুমাৰ চাহুক ৷

পল্লা নদীত অঘটন, সন্ধানহীন পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ

আৰক্ষী আৰু এন ডি আৰ এফ বাহিনীক খবৰ দিয়াত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ছাত্ৰজনক ৷ সন্ধানহীন ছাত্ৰজনৰ ঘৰ শ্ৰীৰামপুৰত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে দুয়ো বন্ধুৱে বৰপেটা ৰোডৰ দ্ৰোণাচাৰ্য একাডেমিৰ ছাত্ৰাবাসত থাকি অধ্যয়ন কৰি আছিল ।

Intro:পল্লা নদীত অঘটন সংঘটিত হৈছে ৷ বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য একাডেমীৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ তথা অজয় কুমাৰ চাহু পল্লা নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটাৰ সন্দেহ কৰা হৈছে ৷ সহপাঠী বন্ধু খুমদাম ব্ৰহ্মৰ সৈতে দেওবাৰে দুপৰীয়া বাইকেৰে দ্ৰোণাচাৰ্য কলেজৰ সমীপৰ পল্লা নৈৰ বেলগুৰি ঘাটত গা ধুবলৈ গৈছিল ৷ নৈৰ পাৰ পাই প্ৰথমে খুমদামে নৈত গা ধুবলৈ নামে ৷ নৈত নমাৰ পাছতেই নৈৰ প্ৰৱল সোঁতে খুমদাম ব্ৰহ্মক উটুৱাই নিয়াত বন্ধু অজয়ে উদ্ধাৰ কৰিবলৈ নদীত জাঁপ দিছিল ৷ বন্ধু অজয়ে নৈৰ পৰা খুমদাম ব্ৰহ্মক উদ্ধাৰ চেষ্টা চলাইছিল ৷ অজয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত স্হানীয় লোকে নৈত নামি ততালিকে খুমদাম ব্ৰহ্মক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুৰ্ভাগ্যজনক ভাৱে অজয় কুমাৰ চাহুক পল্লাৰ নৈৰ পানীৰ প্ৰৱল সোঁতে বহু দূৰলৈ উটুৱাই নিয়াত উদ্ধাৰ কৰিবলৈ সক্ষম নহল ৷Body:ছাত্ৰ জনক উদ্ধাৰৰ বাবে আৰক্ষী আৰু এন ডি আৰ এফৰ জোৱান সকলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ পল্লা নদীৰ প্ৰৱল সোতে উটুৱাই নিয়া অজয় কুমাৰ চাহুৰ ঘৰ শ্ৰীৰামপুৰত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে দুয়ো বন্ধুৱে বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য একাডেমিৰ ছাত্ৰাবাসত থাকি অধ্যয়ন কৰি আছিল। Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.