বৰপেটাৰোড, 24 ছেপ্টেম্বৰ : ৰাজ্যজুৰি সঘনাই বৃদ্ধি হৈছে চুৰিকাণ্ডৰ ঘটনা ৷ ইফালে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তত চুৰিকাণ্ডৰ ঘটনাই ৰাইজৰ টোপনি হৰিছে ৷ আৰক্ষীৰ সন্মুখতে প্ৰতিদিনে জিলাখনৰ ভিন্ন প্ৰান্তত চোৰৰ টিঘিলঘিলনি চলিছে ৷
এইবাৰ বৰপেটাৰোডৰ পৰা আল্ট্ৰাটেক চিমেণ্ট ভৰ্তি ট্ৰাক সহ চুৰি হোৱা এখন ট্ৰাক বৰপেটাৰোড আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে চুৰি হোৱা চিমেণ্ট ভৰ্তি ট্ৰাকখনৰ চালক খতাজুল হকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
জানিব পৰামতে, বিগত 16 ছেপ্টেম্বৰত বৰপেটাৰোডৰ পৰা 500 বেগ আল্ট্ৰাটেক চিমেণ্ট AS 17C 6147 নম্বৰৰ ট্ৰাকেৰে বৰপেটাৰোডৰ পৰা গ্ৰাহকক যোগান ধৰাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছিল ৷ বৰপেটাৰোডত স্থিত আল্ট্ৰাটেক চিমেণ্টৰ ডীলাৰে ধুবুৰীলৈ প্ৰেৰণ কৰা চিমেণ্ট ভৰ্তি ট্ৰাকখন সেইদিনাৰ পৰাই নিখোঁজ হৈ পৰে ৷ পিচত চিমেণ্টৰ ডীলাৰ কৰ্তৃপক্ষই বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও ট্ৰাকখনৰ কোনো সন্ধান নাপায় ।
অৱশেষত যোৱা 20 ছেপ্টেম্বৰত বৰপেটাৰোড আৰক্ষী থানাত ডীলাৰ কৰ্তৃপক্ষই এখন এজাহাৰ দাখিল কৰে । সেইমৰ্মে বৰপেটাৰোড আৰক্ষীয়ে গোচৰটো 134/23 নম্বৰত পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখে।
অৱশেষত দেওবাৰে, বৰপেটাৰোড আৰক্ষীয়ে এই ঘটনাৰ ক্ষীপ্ৰতাৰে তদন্ত কৰি চুৰি হোৱা ট্ৰাক সহ ট্ৰাকখনৰ চালকক পশ্চিমবংগৰ শিলিগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত ট্ৰাকখনৰ চালকক লগতলৈ ধুবুৰীত লুকুৱাই ৰখা 500 বেগ চুৰি চিমেণ্ট বৰপেটাৰোড আৰক্ষীয়ে উদ্ধাৰ কৰি বৰপেটাৰোড আৰক্ষী থানালৈ লৈ আনে। অধিক তদন্তৰ বাবে বৰপেটাৰোড আৰক্ষীয়ে ট্ৰাকখনৰ চালক খটাজুল হকক নিজৰ জিম্মাত লোৱাৰ কথা জানিবলৈ দিয়ে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঔমপ্ৰকাশ তিৱাৰীয়ে ৷
লগতে পঢ়ক: Missing youth rescued: মহানগৰীত উদ্ধাৰ উত্তৰ প্ৰদেশৰ যুৱকক; লগত ওলাল সোণৰ গহনা-পাতি