বৰপেটাৰোড, 4 অক্টোবৰ: জীৱিত অৱস্থাতেই বৰপেটাৰোডত সাহিত্যিকৰ প্ৰতিমূৰ্ত্তি উন্মোচন ৷ শুকুৰবাৰে বৰপেটাৰ বি এইচ কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা বিশিষ্ট সাহিত্যিক, লোক সংস্কৃতিৰ গৱেষিকা, বিশিষ্টা অভিনেত্ৰী তথা সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰদান কৰা 'পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ’ প্ৰাপক ফুলকুমাৰী কলিতাৰ এটি প্ৰতিমূৰ্ত্তি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি, সৰভোগৰ বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰণজিৎ দাসে ৷
সাহিত্যিক ফুলকুমাৰী কলিতাৰ কৰ্মৰাজিক স্বীকৃতি প্ৰদান কৰাৰ লগতে নৱ-প্ৰজন্মৰ ওচৰত চিৰ যুগমীয়া কৰি ৰখাৰ মানসেৰে নিৰ্মাণ কৰা প্ৰতিমূৰ্ত্তিটো উন্মোচন কৰি ৰণজিৎ দাসে কয় যে, অসমীয়া লোক সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা আছিল সাহিত্যিক ফুলকুমাৰী কলিতাৰ ৷ মইনা পাৰিজাত, বৰপেটাৰোডৰ মহিলা সমিতিৰ লগতো ওতঃপ্ৰোত ভাৱে জড়িত আছিল সাহিত্যিক গৰাকী ৷
প্ৰতিমূৰ্ত্তি উন্মোচনী সভাখনত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বৈশিষ্টদেৱ শৰ্মাই অংশ লৈ কয় যে, কোনো শিল্পী সাহিত্যিকে কৃতিত্বৰ আশাত সাহিত্য সংস্কৃতিৰ সাধনা নকৰে ৷ শিল্পী সাহিত্যিকে সাহিত্য সংস্কৃতিৰ সাধনা কৰে নৱপ্ৰজন্মক বাট মুকলি কৰি দিয়াৰ বাবে ৷ ফুলকুমাৰী কলিতাইও অশেষ কষ্টৰ ফলত দীৰ্ঘদিন সাহিত্য সংস্কৃতিৰ সাধনা কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই উন্মোচনী সভাত শিক্ষাৰত্ন বঁটা প্ৰাপক তথা বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, চেঙাৰ প্ৰাক্তন বিধায়ক মুক্তাৰ হুছেইন খানৰ লগতে বৰপেটাৰোড পৌৰসভাৰ সভানেত্ৰী সবিতা দেবনাথ, উপ সভাপতি ফুলেন দাস, ভৱানীপুৰ আঞ্চলিক কলেজৰ প্ৰাক্তন অধ্যক্ষ নবীন কলিতাকে ধৰি অংশ লয় কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷ সাহিত্যিক ফুলকুমাৰী কলিতাৰ স্বৰচিত এটি গীতো পৰিবেশন কৰা হয় অনুষ্ঠানটোত ৷