বৰপেটা, 19 জুলাই : চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত বৰপেটাৰ এগৰাকী এথলেট (Athlete)ৰ কৰুণ গাঁথা ৷ পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ পৰাই দৌৰবিদ হিচাপে এসময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মহিলা খেলুৱৈগৰাকীয়ে জীৱন অতিবাহিত কৰিছে দুৰ্দশাৰ মাজেৰে ৷ ৰাজ্যিক পৰ্যায়ৰ মহিলা এথলীট বৰপেটা জিলাৰ বামুণগাঁৱৰ নিবাসী নিজৰা দাস (Najara Das)য়ে তাঁতশালত কাপোৰ বৈ পোহপাল দিবলগীয়া হৈছে পৰিয়ালটো ৷ বৰ্তমানেও চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আছে খেলুৱৈগৰাকী ৷
এগৰাকী এথলীট হিচাপে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নিজৰাই ডিব্ৰুগড়, তিনিচুকীয়া আৰু যোৰহাটত অনুষ্ঠিত আন্তঃজিলা চেম্পিয়নশ্বিপ (Inter-District Championship)ত জিলাখনৰ হৈ প্ৰথম স্থান অধিকাৰ কৰিছিল ৷ শ্বিলঙত অনুষ্ঠিত নৰ্থ-ইষ্ট চেম্পিয়নশ্বিপ (North-East Championship)ত অসমৰ হৈ অংশ লোৱাৰ লগতে পৰৱৰ্তী সময়ত ভাৰতৰ বহুকেইখন ঠাইত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈগৰাকীয়ে ৷ সৰুৰে পৰা খেলৰ ক্ষেত্ৰখনত পিতৃৰ পৰা সাহস আৰু অনুপ্ৰেৰণা লাভ কৰা নিজৰা দাস এসময়ত উজ্বলি উঠিছিল ৰাজ্যৰ ক্ৰীড়াজগতত ৷
কিন্তু দৰিদ্ৰ পৰিয়ালৰ সন্তান নিজৰাৰ ভৱিষ্যৎ জীৱন সুখকৰ হ’ব বুলি ধাৰণা কৰিছিল যদিও সেয়া যেন বাস্তৱত পৰিণত নহ’ল ৷ ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পাচতো অগ্ৰাধিকাৰ ভিত্তিত এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম নহ’ল নিজৰাই ৷ এসমৰ দুৰ্দান্ত এথলীট নিজৰা দাসে এতিয়া পাচলি বিক্ৰী কৰাৰ লগতে তাঁতশালত বোৱা কাপোৰ বিক্ৰী কৰি অতি কষ্টৰ মাজেৰে পৰিয়াল চলাই নিবলগীয়া হৈছে ৷
গতিকে অদূৰ ভৱিষ্যতে নিজৰাৰ দৰে খেলুৱৈৰ বাবে চৰকাৰী সাহায্য তথা সংস্থাপন লাভ কৰাটো সম্ভৱ হ’বনে ? মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ কল্যাণকামী আঁচনিয়ে নিজৰাৰ দৰে এসময়ৰ প্ৰতিভাৱান খেলুৱৈসকলক স্পৰ্শ কৰিবলৈ সক্ষম হ'বনে ? চৰকাৰ তথা ক্ৰীড়া বিভাগৰ চকুত নপৰা একাংশ খেলুৱৈৰ বাবে এয়া হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন ৷
লগতে পঢ়ক : মোক নতুন জীৱন দিলে মুখ্যমন্ত্ৰীয়ে: শিল্পী ভোলা কটকী