বৰপেটা, ১৫ জুলাইঃ পিক আপ ভান এখনেৰে শিশু খাদ্যৰ বস্তাসমূহ লৈ গৈ থকাৰ সময়তে গাঁওবাসীয়ে ব্যৱসায়ীজনক সোধপোচ কৰোতেই পলায়ন কৰে ব্যৱসায়ীজন ৷ ইয়াৰ পিছতে গাঁওবাসীয়ে সৰ্থেবাৰী থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে শিশু খাদ্যৰ বস্তাসমূহ জব্দ কৰে ৷
গাঁওবাসীয়ে জনোৱামতে, মঙলবাৰেও অংগনবাদী কেন্দ্ৰটোৰ কৰ্মীগৰাকীয়ে ওমেদ আলী নামৰ ব্যৱসায়ীজনৰ ওচৰত বিক্ৰী কৰিছিল ৩০ বস্তা শিশু খাদ্য ৷ স্থানীয় লোকে শিশু খাদ্য বিক্ৰীৰ ঘটনাৰ সৈতে সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া কৰ্মচাৰীও জৰিত থকাৰ সন্দেহ ব্যক্ত কৰিছে ৷ এইক্ষেত্ৰত আৰক্ষীক নিজাববীয়া এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : তিনিচুকীয়াত খাৰুৱা তেলৰ চোৰাং বেহা