ETV Bharat / state

Negligence of Advocate : 23 মাহৰ অন্তত মুক্ত আকাশৰ তলত শ্বহিদুল - advocate junaid khalid

ঘৰলৈ আহিল শ্বহিদুল ৷ যোৱা প্ৰায় দুটা বছৰ শ্বহিদুলৰ বাবে আছিল এটা যুগৰ দৰে ৷ নিজৰ আত্মীয়-স্বজনৰ পৰা এইদৰে আঁতৰি থাকিব লগীয়া হোৱাতো শ্বহিদুলৰ বাবে আছিল অকল্পনীয় ৷ কিন্তু উপায় নাছিল ৷ অৱশেষত যেনিবা পৰিয়ালৰ কাষ পাবলৈ সক্ষম হ’ল শ্বহিদুল ৷

shahidul-islam-is-coming-out-from-the-detention-camp-after-23-months
23 মাহৰ মূৰত মুক্ত আকাশৰ তলত শ্বহিদুল
author img

By

Published : Nov 18, 2021, 1:37 PM IST

Updated : Nov 18, 2021, 2:12 PM IST

জনীয়া, 18 নৱেম্বৰ : অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল শ্বহিদুল ইছলাম ৷ 23 মাহৰ অন্তত আত্মীয়ৰ কাষ চাপে শ্বহিদুলে ৷ পিছে কোন এই শ্বহিদুল আৰু ক’ৰ পৰা তেওঁ ওলাই আহিল জানেনে ?

প্ৰায় দুবছৰ ধৰি গোৱালপাৰা ডিটেনশ্যন কেম্প(Detention Camp)ত থাকিবলগীয়া হৈছিল কলগাছিয়াৰ নিৱাসী শ্বহিদুল ইছলামে ৷ সন্দেহযুক্ত বাংলাদেশীৰ অভিযোগত ডিটেনশ্যন কেম্পত ৰখা হৈছিল শ্বহিদুলক ৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰিড পিটিশ্বন(Writ Petition)ত ভুক্তভোগী শ্বহিদুল হাতেম আলি নামৰ এজন লোকৰ সৈতে বিয়া হোৱা বুলি ভুলকৈ উল্লেখ কৰিছিল অধিবক্তা জোনাইদ খালিদে ৷

23 মাহৰ মূৰত মুক্ত আকাশৰ তলত শ্বহিদুল

বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়(Gauhati High Court)ৰ শুনানি অনুসাৰে জামিন লাভ কৰে শ্বহিদুলে ৷ ডিটেনশ্যন কেম্পৰ পৰা ওলায়েই শ্বহিদুলে কলগাছিয়াস্থিত নিজ বাসগৃহত উপস্থিত হয় ৷ প্ৰায় দুবছৰৰ মূৰত আত্মীয়ক দেখি আবেগিক হৈ পৰে শ্বহিদুল ৷ অধিবক্তা জুনাইদ খালিদক শ্বহিদুলৰ পৰিয়ালৰ পৰা লোৱা ধন ঘূৰাই দিয়াৰ লগতে তেওঁৰ ওকালতিৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ বাৰ এছ’ছিয়েশ্যচনক দাবী জনাইছে শ্বহিদুলৰ পৰিয়ালে ৷

উল্লেখ্য যে, অধিবক্তা জুনাইদ খালিদ হৈছে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে(Hafiz Rafiqul Islam) যোগাযোগ কৰি দিয়া অধিবক্তা ৷ ইফালে অধিবক্তা খালিদ মৌলানা বদৰ উদ্দিন আজমল নেতৃত্বাধীন জমিয়ত উলেমা হিন্দৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি ।

জমিয়তৰ নামত দৰিদ্ৰ লোকক আইনী যুঁজত সহায় কৰাৰ উদ্দেশ্য লৈ অধিবক্তাজনে গৰু-ছাগলী, হাঁহ-কুকুৰা বিক্ৰী কৰাই 90 হাজাৰ টকাৰ ঘোচ লয় ৷ ঠিক সেইদৰেই শ্বহিদুলক কেম্পৰ পৰা উলিয়াই অনাৰ প্ৰতিশ্ৰুতি দি অধিবক্তাজনে প্ৰতাৰণা কৰে শ্বহিদুল ইছলামৰ পৰিয়ালক ।

ইফালে এক সংবাদমেল সম্বোধন কৰি অধিবক্তা জুনাইদ খালিদ আৰু বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে কৰা এই ষড়যন্ত্ৰৰ মুখা খুলি দিয়ে সাংবাদিক জমছেৰ আলী আৰু সমাজ কৰ্মী ফাৰুক খানে । দুয়োৰে বিৰুদ্ধে আদালতত গোচৰ চলাৰ পূৰ্বেই স্বয়ং অধিবক্তাজনে ভুল পিটিশ্বন জমা দি চৰম গাফিলতি কৰা বুলি উল্লেখ কৰে ৷

লগতে অধিবক্তাজনে আদালতত অনুপস্থিত থকাৰ ফলত ভাৰতীয় নাগৰিক হোৱা স্বত্বেও শ্বহিদুল ইছলামে ডিটেনশ্যন কেম্পত থাকিব লগা হোৱা বুলি তেওঁ খোদ মন্তব্য কৰে ।

লগতে পঢ়ক : Gambler arrested : জুৱাৰ ঘাটি উচ্ছেদ কৰি আৰক্ষীয়ে আটক কৰিলে 14 টা জুৱাৰী

Last Updated : Nov 18, 2021, 2:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.