ETV Bharat / state

বজালীত ছহিদ প্ৰণয় কলিতাৰ নামেৰে পথ মুকলি - ছহিদ প্ৰণয় কলিতা

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি বজালীত ছহিদ প্ৰণয় কলিতাৰ নামত ১ কোটি ৬৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে 1400 মিটাৰ পথ l মঙলবাৰে জিলা উপায়ুক্ত মুনিন্দ্ৰ নাথ শৰ্মাই আনুষ্ঠানিক ভাৱে মুকলি কৰে এই বিশেষ পথটো l

Shaheed path inauguration at Pathsala
বজালীত ছহিদ প্ৰণয় কলিতাৰ নামেৰে এটা পথ মুকলি
author img

By

Published : Aug 11, 2020, 8:17 PM IST

পাঠশালা,10 আগষ্টঃ মণিপুৰত উগ্ৰপন্থীৰ হাতত মৃত্যু হোৱা ছহিদ প্ৰণয় কলিতাৰ আদ্যশ্ৰাদ্ধৰ দিনাখন ছহিদ গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই ছহিদ গৰাকীৰ নামত তেওঁৰ ঘৰলৈ যোৱা পথটো তেওঁৰ নামেৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ৷

বজালীত ছহিদ প্ৰণয় কলিতাৰ নামেৰে এটা পথ মুকলি

১ কোটি ৬৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 1400 মিটাৰ দৈৰ্ঘৰ পথছোৱাৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে l ইয়াৰ পিছতে মঙলবাৰে স্থানীয় ৰাইজৰ সান্নিধ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন শোকসভা আয়োজন কৰা হয় য'ত ছহিদৰ ভাতৃ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় l

উল্লেখযোগ্য যে, মঙলবাৰৰ দিনটোতে ছহিদ গৰাকীৰ ঘৰত তেওঁৰ এটা আৱক্ষ মূৰ্ত্তিও আনুষ্ঠনিক ভাৱে উন্মোচন কৰিব বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে l
লগতে পঢ়কঃমৃত পত্নীক ব্যতিক্ৰম ধৰণে জীৱন্ত কৰিলে স্বামীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.