ETV Bharat / state

School Uniform Issue : কলগাছিয়াৰ বিদ্যালয়ত নিম্ন মানৰ ইউনিফৰ্ম যোগানৰ অভিযোগ

author img

By

Published : Nov 16, 2021, 8:01 PM IST

নিম্নমানৰ ইউনিফৰ্ম বিতৰণ(Uniform distribution) কৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে কলগাছিয়া(Kalgachia)ৰ পশ্চিম বালিকুৰি জনকল্যাণ হাইস্কুলৰ একাংশ শিক্ষাৰ্থী । ইউনিফৰ্ম বিতৰণৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে । পুনৰ সঠিক জোখৰ উন্নত মানৰ নতুন ইউনিফৰ্ম যোগান ধৰিবলৈ দাবী জনালে ছাত্ৰসকলে ।

School Uniform distribution, parents complaints against school authority
কলগাছিয়াৰ বিদ্যালয়ত নিম্ন মানৰ ইউনিফৰ্ম যোগানৰ অভিযোগ

জনীয়া, ১৬ নৱেম্বৰ: বৰপেটা(Barpeta) জিলাৰ কলগাছিয়াত শিক্ষাৰ্থীক ইউনিফৰ্ম(School Uniform) যোগান ধৰাৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ তুলিছে ছাত্ৰসকলে । কলগাছিয়াৰ পশ্চিম বালিকুৰি জনকল্যাণ হাইস্কুল(West Balikuri Jankalyan High School)ত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । শিক্ষাৰ্থীসকলৰ অভিযোগ মতে, প্ৰধান শিক্ষক তৌহিদুৰ ৰহমানে(Touhidur Rehman) বিদ্যালয়খনৰ ২৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এম এছ লাল আহমেদ ফিটিং চাৰ্ভিছত ইউনিফৰ্ম প্ৰস্তুত কৰিবলৈ দিছিল ।

কিন্তু ইউনিফৰ্মৰ জোখত বিসংগতি হোৱাৰ লগতে নিম্ন মানৰ কাপোৰ ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ছাত্ৰ-ছাত্ৰীসকলে । বিদ্যালয় কৰ্তৃপক্ষই ধন ৰাহি কৰি অতি নিম্নমানৰ ইউনিফৰ্ম যোগান ধৰিছে বুলি শিক্ষাৰ্থীসকলে অভিযোগ তোলে । জোখ লোৱাৰ পিছতো এনেদৰে ইউনিফৰ্ম যোগানত বিসংগতি হোৱাত ক্ষুদ্ধ হৈ পৰিছে শিক্ষাৰ্থীসকল । এনে নিম্নমানৰ ইউনিফৰ্ম গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে বিদ্যালয়ৰ একাংশ ছাত্ৰই ।

School Uniform Issue : কলগাছিয়াৰ বিদ্যালয়ত নিম্ন মানৰ ইউনিফৰ্ম যোগানৰ অভিযোগ

পুনৰ সঠিক জোখৰ উন্নত মানৰ নতুন ইউনিফৰ্ম(New Uniform) যোগান ধৰিবলৈ ছাত্ৰসকলে দাবী জনায় বিদ্যালয় কৰ্তৃপক্ষক । আনহাতে, এই বিদ্যালয়খনৰ বিৰুদ্ধে বাৰে বাৰে বাতৰি পৰিৱেশন কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই কৰ্তৃপক্ষই ।

ইফালে, প্ৰধান শিক্ষক তৌহিদুৰ ৰহমানে জানিবলৈ দিয়া মতে, চৰকাৰে যোগান ধৰা ইউনিফৰ্মৰ কাপোৰখিনি উন্নতমানৰ । তেওঁ লগতে কয় যে, শিক্ষাৰ্থীসকলে ইউনিফৰ্ম পৰিধান কৰিলেহে কাপোৰ কেনেকুৱা সেয়া বুজিব পাৰিব । ইউনিফৰ্মৰ জোখ(Uniform Size) সন্দৰ্ভত তেওঁ কয় যে, কেতিয়াবা পোছাক সৰু-ডাঙৰ হ'ব পাৰে আৰু দৰ্জীয়ে পুনৰ সঠিক জোখত প্ৰস্তুত কৰি দিব ।

ছাত্ৰসকলে এই ক্ষেত্ৰত শিক্ষা বিভাগৰ হস্তক্ষেপ বিচাৰিছে । তেওঁলোকৰ মতে, চৰকাৰে ঠিকেই কাপোৰ যোগান ধৰিছে, কিন্তু বিদ্যালয় কৰ্তৃপক্ষইহে অনিয়ম সংঘটিত কৰিছে । কিন্তু প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰসকলৰ অভিযোগ নস্যাৎ কৰিছে ।

লগতে পঢ়ক:সুৰাপায়ী যুৱতীয়ে কঁপালে গড়চুক থানাৰ চৌহদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.