ETV Bharat / state

চাউল-দাইলত ওলোৱা পোক আমাৰ বাবে হেনো ভিটামিন

বৰপেটা নালিৰপাৰ ভাটকুছী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভানু ঠাকুৰীয়াৰ বিৰুদ্ধে সদলবলে ওলাই আহিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অন্য শিক্ষক তথা ৰন্ধনকৰ্মীসকল ৷ ছাত্ৰ-ছাত্ৰীক পোক থকা চাউলৰ ভাত খাবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ তেওঁৰ বিৰুদ্ধে ৷

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 4:17 PM IST

school students other teachers cooking staff raise their voice against dominance of headmistress of a school in barpeta
প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অভিযোগ
প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অভিযোগ

বৰপেটা, ১৩ ডিচেম্বৰ : ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনত এইবাৰ ভিটামিন ! ছাত্ৰ-ছাত্ৰীক পোক থকা চাউলৰ ভাত খাবলৈ নিৰ্দেশ এগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ । পোক থকা ভাতত হেনো ভিটামিন থাকে, এই নাভুত-নাশ্ৰুত উপদেশ বৰপেটা নালিৰপাৰ ভাটকুছী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভানু ঠাকুৰীয়াৰ । নিজৰ খেয়াল খুছি মতে বিদ্যালয়খন চলাই আছে প্ৰধান শিক্ষয়িত্ৰী ভানু ঠাকুৰীয়াই । ছাত্ৰ-ছাত্ৰীৰ লগতে সহকৰ্মী শিক্ষক-শিক্ষয়িত্ৰীয়েও বিভিন্ন অভিযোগ তুলিছে এই গৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ।

প্ৰধান শিক্ষয়িত্ৰী ভানু ঠাকুৰীয়াৰ কাণ্ড কাৰখানাত অতিষ্ঠ হৈ বুধবাৰে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে সংবাদমাধ্যমৰ আগত দাঙি ধৰিলে ভানু ঠাকুৰীয়াৰ বিৰুদ্ধে বহুকেইটা অভিযোগ । মধ্যাহ্ন ভোজনত ৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে মাত্ৰ ২ কিলো দাইল ৰান্ধিবলৈ নিৰ্দেশ দিয়ে ৰান্ধনীক । ডেৰ-দুই মাহ ধৰি ছাত্ৰ-ছাত্ৰীয়ে খাবলৈ পোৱা নাই কণী ।

ৰান্ধনীৰ অভিযোগ, ‘৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক অতি কম খাদ্য সামগ্ৰীৰে ৰান্ধি খুৱাব লাগে ৷ চাউলবোৰো বেয়া, বেছিভাগ চাউলত আছে পোক’ ৷ অভিযোগ অনুসৰি, শ্ৰেণীকোঠাত বহিবলৈ বেঞ্চৰ অভাৱ, এখন বেঞ্চতে বহিব লাগে ছয়-সাতজন ৷ খেল-ধেমালিৰ সামগ্ৰী নাই, আগৰ প্ৰধান শিক্ষকৰ দিনত ভাঙি নষ্ট হোৱা খেলৰ সামগ্ৰীৰে খেলিবলৈ নিৰ্দেশ দিয়ে প্ৰধান শিক্ষয়িত্ৰীয়ে । খেলৰ সামগ্ৰীৰ কথা ক’লে -এটা ফুটবলৰ দাম ২৫হেজাৰ টকা লাগে বুলি ছাত্ৰ-ছাত্ৰীক বুজনি দিয়ে তেওঁ । পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নিজেই আনিব লাগে বহী-কাগজ ।

বিশুদ্ধ খোৱাপানীৰো নাই ব্যৱস্থা, দমকলৰ পানী খাইয়েই আছে ছাত্ৰ-ছাত্ৰীসকল বহুদিন ধৰি । আনহাতে বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰ আৰু শৌচালয়ত নাই পানীৰ কোনো ব্যৱস্থা । এইবোৰ অভিযোগ থকা স্বত্বেও প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে দম্ভালি মাৰি সংবাদমাধ্যমৰ আগত কয়, ‘ঘৰৰ খোৱা চাউলতো পোক থাকে । তাত কৰিব লগা কি আছে ?এইবোৰ অভিযোগ মিছা, ছাত্ৰ-ছাত্ৰীৰ মনেসজা’ ।

উল্লেখযোগ্য যে এই গৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ বিপৰীতে বৰপেটা জিলা আয়ুক্তৰ লগতে জিলা শিক্ষা বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছিল বিদ্যালয়ৰ শিক্ষকসকলে । আয়ুক্ত গৰাকীয়ে এইক্ষেত্ৰত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া স্বত্তেও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত শিক্ষকসকলে জানিবলৈ দিয়ে । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে তেওঁৰ বিৰুদ্ধে দিয়া সকলোবোৰ অভিযোগ মিছা বুলি সংবাদমাধ্যমৰ আগত সদৰী কৰে ৷

লগতে পঢ়ক : পুৰণি স্মৃতি সুঁৱৰি আবেগিক হৈছে এজাক বন্ধু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.