বৰপেটা, ৫ আগষ্টঃ বৰপেটাৰ পালহাজী গাঁৱত বুধবাৰে বন বিভাগে অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা কল উচ্ছেদ কৰে ৷ বৰপেটাৰোড বনাঞ্চলিক বিষয়া জয়ন্ত নাথৰ নেতৃত্বত বৰপেটা খণ্ড বন বিষয়া তথা কৰ্মচাৰীৰৰ সহযোগত অভিযান চলাই অবৈধ কাঠফলা কল দুটা উচ্ছেদ কৰাৰ লগতে কলটোত ব্যৱহৃত যন্ত্ৰপাতিসমূহ জব্দ কৰে ৷
লগতে পঢ়কঃ আয়ুৰ্বেদত দুগ্ধপানৰ গুৰুত্ব
বন বিভাগে কল দুটাৰ যন্ত্ৰপাতি আৰু আন সামগ্ৰীসমূহ জব্দ কৰাৰ সময়তে গাঁওখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ বহুসংখ্যক মহিলা সমবেত হৈ বনবিষয়াৰ দলটোক বাধা প্ৰদান কৰে ৷ অৱশ্যে বন বিষয়াৰ দলটোৱে মহিলাসকলৰ এই বাধা নেওচি কলটোৰ সামগ্ৰী সমূহ জব্দ কৰে ৷
উল্লেখ্য যে, বৰপেটা জিলাত অবৈধ কাঠফলা কল বহুৱাই ব্যৱসায় চলাই থকা অসাধু চক্ৰটোৱে বন বিভাগৰ টোপনি হৰণ কৰি আহিছে ৷ বৰপেটাৰোডৰ বনাঞ্চলিক বিষয়াই জনোৱা মতে, কাঠফলা কলৰ ব্যৱসায় লাভজনক হোৱা বাবেই জিলাখনৰ ভিতৰুৱা গ্ৰামাঞ্চল সমূহত অবৈধ কাঠফলা কল বহুৱাই ব্যৱসায় চলাই আছে অসাধু চক্ৰই ৷ অৱশ্যে এনে অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ৷ ইয়াৰোপৰি, বিগত দহ দিনৰ ভিতৰতে ৫টাকৈ কল জব্দ কৰা বুলিও অৱগত কৰে বনবিষয়াগৰাকীয়ে ৷