ETV Bharat / state

Saubhagya scheme scam: বৰপেটাত সৌৰ চাকি বিতৰণত ব্যাপক দুৰ্নীতি

author img

By

Published : Feb 26, 2022, 6:29 PM IST

বৰপেটাত সৌৰ চাকি বিতৰণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে (Saubhagya scheme scam at Kalgachia)। চৰকাৰী আঁচনিৰ নামত অহা সৌৰ চাকিৰ বিনিময়ত হিতাধিকাৰীৰ পৰা সংগ্ৰহ ২ হাজাৰৰ পৰা ৪ হাজাৰকৈ টকা । গাঁওবুঢ়া, খণ্ড সদস্য আৰু কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ ।

Saubhagya scheme scam
বৰপেটাত সৌৰ চাকি বিতৰণত ব্যাপক দুৰ্নীতি

জনীয়া,২৬ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে । সৌৰ চাকি বিতৰণৰ নামক ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Saubhagya scheme scam at Kalgachia)। গাঁওবুঢ়া, খণ্ড সদস্য আৰু কংগ্ৰেছ দলৰ মণ্ডল সভাপতিৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ।

Saubhagya scheme scam:বৰপেটাত সৌৰ চাকি বিতৰণত ব্যাপক দুৰ্নীতি

অভিযোগ অনুসৰি গাঁওবুঢ়া ছোৰমান আলি তালুকদাৰ,খণ্ড সদস্য আকতাৰ হুছেইন আৰু দালালৰূপী কংগ্ৰেছৰ মণ্ডল সভাপতি জহুৰুল ইছলামে অসম চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনস্থ বিনামূলীয়া সৌৰ চাকি বিতৰণত প্ৰত্যেকজন হিতাধিকাৰীৰ পৰা ২ৰ পৰা ৪ হাজাৰকৈ টকা সংগ্ৰহ কৰিছে । কেৱল সৌৰ চাকিয়ে নহয় গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিয়াৰ নামতো গাঁওবুঢ়া ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে একাংশ হিতাধিকাৰীয়ে ইতিমধ্যেই AGMৰ কাৰ্যালয়ত এখন স্মাৰক পত্ৰৰ জৰিয়তে এই সমগ্ৰ দুৰ্নীতিৰ তদন্ত দাবী কৰিছে । লগতে দুৰ্নীতি সংঘটিত কৰা গাঁওবুঢ়া, খণ্ড সদস্য আৰু মণ্ডল সভাপতিৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক : Sensational murder at Diphu: বিড়ি নিদিয়াৰ বাবেই প্ৰাণ ললে পিটলিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.