ETV Bharat / state

শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

বুধবাৰে শ্বহীদ দিলীপ কুমাৰ দাসৰ সৰুপেটাৰ ভাৰেগাঁওস্থিত বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । শ্বহীদ জোৱানজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ সৈতে শ্বহীদ জোৱানগৰাকীৰ বাসগৃহত উপস্থিত হয় প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, সাংসদ তপন গগৈ ।

শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Apr 7, 2021, 6:26 PM IST

বজালী, ৭ এপ্ৰিল: শনিবাৰে ছত্তিশগড়ত মাওবাদীৰে হোৱা সংঘৰ্ষত দেশমাতৃৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া সৰুপেটাৰ ভাৰেগাঁৱৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিগত ১৭ মাৰ্চত অন্তিমবাৰৰ বাবে ঘৰলৈ আহিছিল দিলীপ কুমাৰ দাস ।

শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

যোৱা ১৯ মাৰ্চত পুনৰ কৰ্মক্ষেত্ৰলৈ ৰাওনা হৈছিল বীৰ জোৱানগৰাকী ৷ ইয়াৰ পিছতে দেশৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন উছৰ্গা কৰে দিলীপ কুমাৰ দাসে । মঙলবাৰে শ্বহীদ জোৱানগৰাকীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জোৱানগৰাকীৰ ত্যাগৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধা নিবেদন কৰে ।

লগতে শোকসন্তপ্ত পৰিয়ালটিৰ সৈতে মত-বিনিময়ত কৰে । মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, সাংসদ তপন গগৈয়ে । ২০০১ চনৰ মাৰ্চ মাহত শ্বহীদ দিলীপ কুমাৰ দাস দেশৰ সেৱাত নিয়োজিত হৈছিল ।

লগতে পঢ়ক:মেৰাপানীত স্বামীয়ে পত্নীক জুই জ্বলাই হত্যা কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.