ETV Bharat / state

Shiva Temple Inaugurated at Howley: ৯ বছৰত ৫৬ বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীয়ে: সৰ্বানন্দ সোণোৱাল

author img

By

Published : Mar 2, 2023, 9:42 PM IST

হাউলী সাৰ্বজনীন শিৱ মন্দিৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Union Minister Sarbananda Sonowal)। মন্দিৰটো উদ্বোধন কৰি তেওঁ কয় যে সকলোৱে প্ৰকৃতিক সুৰক্ষিত কৰিবই লাগিব । প্ৰকৃতিৰ ওপৰত মানুহৰ আধিপত্য বৃদ্ধি হোৱাত প্ৰকৃতিও ক্ষুন্ন হোৱা বুলি তেওঁ মন্তব্য় কৰে ।

Union Minister Sarbananda Sonowal
হাউলী সাৰ্বজনীন শিৱ মন্দিৰ উদ্বোধন
হাউলী সাৰ্বজনীন শিৱ মন্দিৰ উদ্বোধন

বৰপেটা ২ মাৰ্চ: "প্ৰকৃতি থাকিলেহে প্ৰাণী থাকিব, মানুহ জীয়াই থাকিব । সেয়েহে প্ৰকৃতিক সুৰক্ষিত কৰি ৰখাটো প্ৰতিজন লোকৰে দায়িত্ব।" এই মন্তব্য় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Union Minister Sarbananda Sonowal in Barpeta)। বৃহস্পতিবাৰে বৰপেটাৰ হাউলীত পুনৰ নিৰ্মাণ কৰা হাউলী সাৰ্বজনীন শিৱ মন্দিৰটো উদ্বোধন কৰি এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Inauguration of Shiva Temple at Howley) ৷

এই উপলক্ষে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । এই সভাত ভাষণ আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক প্ৰকৃতি সুৰক্ষাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে প্ৰকৃতিৰ ওপৰত মানুহৰ আধিপত্য বৃদ্ধি হোৱাৰ ফলত প্ৰকৃতিও ক্ষুন্ন হৈছে । ফলত জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হোৱা সকলোৱে উপলব্ধি কৰিছে। প্ৰকৃতি সুৰক্ষিত কৰাৰ বাণী মহাপুৰুষ সকলেও দি গৈছে । মানুহক সেই বাণী সমূহ উপলব্ধি কৰিবলৈ আহ্বান জনাই সোণোৱালে কয় যে এক বৃক্ষ দশ পুত্ৰ সম বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে (Mahapurush Srimanta Sankaradeva)৷ শিৱৰ আৰাধনাতো প্ৰকৃতি ৰক্ষাৰ কথা পোৱা যায় বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

আনহাতে, মন্দিৰটো স্থাপনৰ বাবে হাউলীৰ ৰাইজক ধন্যবাদ জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আধ্যাত্মিকতাই সমাজখনক সদায় শান্তি, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ চেতনা প্ৰদান কৰে । মানুহক বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণৰ পথ দেখুৱায় ।

আনহাতে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ আজিৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে ৷ তেওঁ কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো়ডীক মৰম কৰে, বিশ্বাস কৰে (PM Narendra Modi)। যোৱা ন বছৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৫৬ বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে । ইয়াৰ পূৰ্বে এনে উদাহৰণ নাছিল । তদুপৰি অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ণৰ বাবে এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে চাৰি লাখ ৫০ হাজাৰ কোটি টকাৰ অনুদান আগবঢ়াইছে । প্ৰধানমন্ত্ৰী মোডীৰ এনে মৰমৰ প্ৰতিদান ৰাইজেও নিৰ্বাচনৰ ফলাফলৰ জৰিয়তে দি আহিছে । এই অনুষ্ঠানটোত অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ডাঃ নোমল মোমিন, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী আদিও উপস্থিত থাকে (Former MLA Gunindra Nath Das)।

লগতে পঢ়ক:Computer training Centre in Manikpur: মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত কম্পিউটাৰ শিক্ষাকেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.