ETV Bharat / state

বৰপেটাত দিন দুপৰতে গাড়ীৰ আইনা ভাঙি ধন লুটি নিলে ২ লাখ ৩০ হাজাৰ টকা - assam news

ব্যক্তি গৰাকীয়ে টকাখিনি উলিয়াই AS-01BZ-6373 নম্বৰৰ হোণ্ডা ইয়ন গাড়ীৰে আহি বৰপেটাৰোডস্থিত ৰেমণ্ড শ্ব' ৰূমৰ সন্মুখত ৰখাই কাষতে থকা ফ্ৰীজৰ দোকানত সোমায় ৷ কিছুসময় পাছত ফ্ৰীজৰ দোকানৰ পৰা উভতি গাড়ীৰ ওচৰ পোৱাত নিজৰ গাড়ীৰ গ্লাছ ভঙা প্ৰত্যক্ষ কৰি গাড়ীৰ ভিতৰত ৰাখি থোৱা টকাৰ বেগটো দুৰ্বৃত্তই লৈ যোৱা বুলি নিশ্চিত হয়

বৰপেটাত দিন দুপৰতে গাড়ীৰ আইনা ভাঙি ধন লুট
author img

By

Published : May 27, 2019, 9:32 PM IST

বৰপেটা, 27 মে': বৰপেটাৰোডত দিন দুপৰতে ডকাইটি ৷ সোমবাৰে দুপৰীয়া মোজাহাৰ আলী নামৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ গাড়ীৰ আইনা ভাঙি লুট কৰি নিলে ২ লাখ ৩০ হাজাৰ টকা ৷ বৰপেটাৰ কামাৰগাঁৱৰ মোজাহাৰ আলী নামৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে বৰপেটাৰোডস্থিত ষ্টেট বেংকৰ একাউণ্টৰ পৰা মুঠ ২ লাখ ৩০ হাজাৰ টকা উলিয়াই ৷ ব্যক্তি গৰাকীয়ে টকাখিনি উলিয়াই AS-01BZ-6373 নম্বৰৰ হোণ্ডা ইয়ন গাড়ীৰে আহি বৰপেটাৰোডস্থিত ৰেমণ্ড শ্ব' ৰূমৰ সন্মুখত ৰখাই কাষতে থকা ফ্ৰীজৰ দোকানত সোমায় ৷ কিছুসময় পাছত ফ্ৰীজৰ দোকানৰ পৰা উভতি গাড়ীৰ ওচৰ পোৱাত নিজৰ গাড়ীৰ গ্লাছ ভঙা প্ৰত্যক্ষ কৰি গাড়ীৰ ভিতৰত ৰাখি থোৱা টকাৰ বেগটো দুৰ্বৃত্তই লৈ যোৱা বুলি নিশ্চিত হয় ৷ ঘটনা সন্দৰ্ভত মোজাহাৰ আলীয়ে বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

Intro:বৰপেটাৰোডৰ পৰা দিন দুপৰতে মোজাহাৰ আলী নামৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ গাড়ীৰ গ্লাচ ভাঙি ২ লাখ ৩০ হাজাৰ টকা লুট কৰি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ Body:বৰপেটাৰ কামাৰগাওৰ মোজাহাৰ আলী নামৰ জলসিঞ্চন বিভাগৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বৰপেটাৰোডলৈ আহে ৷ বৰপেটাৰোডৰ ষ্টেট বেংকত তেওঁৰ নিজ নামত থকা একাউণ্টৰ পৰা সোমবাৰে মুঠ ২ লাখ ৩০ হাজাৰ টকা ড্ৰ কৰিছিল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জনে ৷ মহজাহাৰ আলীয়ে টকাখিনি উঠাই নিজৰ AS 01BZ 6373 নম্বৰৰ হোণ্ডা ইয়ন গাড়ীৰে আহি বৰপেটাৰোডৰ ৰেমণ্ড শ্ব' ৰূমৰ সন্মুখত হোণ্ডা ইয়ন গাড়ীখন পথৰ দাতিত ৰখাই কাষতে থকা ফ্ৰীজৰ দোকানত সোমাইছিল কিছুসময় পাছত ফ্ৰীজৰ দোকানৰ পৰা উভতি গাড়ীৰ ওচৰ পোৱাত নিজৰ গাড়ীৰ গ্লাছ ভঙা প্ৰত্যক্ষ কৰি গাড়ীৰ ভিতৰত ৰাখি থোৱা টকাৰ মোনা খন দুৰ্বৃত্তই লৈ যোৱা বুলি নিশ্চিত হয় ৷ ঘটনা সম্পৰ্কত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মোজাহাৰ আলীয়ে বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷Conclusion:ঘটনা সম্পৰ্কত বৰপেটাৰোড আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
(Sorbhog)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.