বৰপেটা,18 নৱেম্বৰ: বজালীৰ কেন্দুগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰ বেগী বাছে বুধবাৰে দিনৰ ভাগত খুন্দিয়াই আহত কৰে এগৰাকী মটৰ চাইকেল আৰোহীক । ঘটনাৰ বিৱৰণী অনুসৰি, ভাৰত-ভূটান সংযোগী 127 (এ)নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত মটৰ চাইকেল আৰোহী পৰেশ দাসক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে ৷
প্ৰাপ্ত তথ্য অনুসৰি, এএছ 07 বি 3886 নম্বৰৰ যাত্ৰীবাহী বাছখনে পিছপিনৰ পৰা খুন্দা মাৰে বাইক আৰোহী পৰেশ দাসক । দাসৰ লগত মহিলা এগৰাকী আছিল যদিও আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে । উল্লেখ্য যে, এই ৰাষ্ট্ৰীয় ঘাইপথটোত বাছ, ট্ৰাক, ডাম্পাৰ আদিৰ দৌৰাত্ম্যৰ ফলত প্ৰায় প্ৰতিদিনে সংঘটিত হ'বলৈ ধৰিছে সৰু-বৰ বহু পথ দুৰ্ঘটনা ৷
লগতে চাওকঃ কলগাছিয়াত মানৱ শৃংখল প্ৰদৰ্শন