ETV Bharat / state

সৰভোগত উপস্থিত ৰণজিৎ কুমাৰ দাসঃ আছুৰ ক'লা পতাকা প্ৰদৰ্শন

author img

By

Published : Dec 24, 2019, 6:41 PM IST

মঙলবাৰে বিজেপিৰ সৰভোগৰ চকচকা ব্লক মণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ৷ কাৰ্যালয়টোত উপস্থিত হৈ বিজেপি সভাপতি গৰাকীয়ে উজনি অসমত আন্দোলনৰ নামত কংগ্ৰেছে তাণ্ডৱ চলাইছে বুলি মন্তব্য কৰে ৷ ইপিনে সৰভোগৰ বিধায়ক গৰাকী নিজ সমষ্টিত উপস্থিত হোৱাত আছুৱে কলা পতাকা প্ৰদৰ্শন কৰে ৷

Ranjit Das
আছুৰ ক'লা পতাকা প্ৰদৰ্শন

বৰপেটাৰোড 24 ডিচেম্বৰঃ "উজনি অসমত আন্দোলনৰ নামত চৰকাৰী কাৰ্যালয় ভাঙি জ্বলাই দি যি তাণ্ডৱ চলোৱা হৈছে তাৰবাবে কংগ্ৰেছ দল জগৰীয়া ৷" মঙলবাৰে নিজ সমষ্টি সৰভোগত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে এই মন্তব্য কৰে ৷ মঙলবাৰে বিজেপিৰ সৰভোগৰ চকচকা ব্লক মণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় বিজেপিৰ সভাপতি গৰাকী ৷ কাৰ্যালয়টোত উপস্থিত হৈ সাংবাদিকৰ আগত তেওঁ কয় যে, উজনি অসমত কংগ্ৰেছ দলে চলোৱা ষড়যন্ত্ৰক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওফৰাব ৷ ইপিনে তেওঁ আছুৰ গণতান্ত্ৰিক আন্দোলনক সন্মান জনোৱা বুলিও উল্লেখ কৰে ৷ লগতে এই গণতান্ত্ৰিক আন্দোলনৰ সুযোগলৈ যিসকলে এনেধৰণৰ তাণ্ডৱ চলাইছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বিজেপিৰ সভাপতি গৰাকীয়ে আশা প্ৰকাশ কৰে ৷ ইয়াৰোপৰিও এই আন্দোলনৰ লগত জড়িত ব্যক্তি গৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনাই ৰণজিৎ কুমাৰ দাসে ৷

সৰভোগত উপস্থিত ৰণজিৎ কুমাৰ দাস

ইপিনে সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে নিজ সমষ্টিত উপস্থিত হোৱাত আছুৱে কলা পতাকা প্ৰদৰ্শন কৰে৷ বিজেপিৰ সৰভোগৰ চকচকা ব্লক মণ্ডলৰ কাৰ্যালয়ৰ পৰা উভতি অহাৰ পথত বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ৰণজিৎ কুমাৰ দাসক এই কলা পতাকা প্ৰদৰ্শন কৰে৷ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰণজিৎ কুমাৰ দাসক কলা পতাকা দেখুৱাই "জাতিৰ দালাল ৰণজিৎ দাস গ বেক" , "বিজেপি গ বেক" , "আৰ এছ এছ গ বেক" , "C(A)A আমি নামানো" , "ৰণজিৎ দাস লেই লেই ছেই ছেই" আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিস্থিত উত্তাল কৰি তোলে ৷

লগতে পঢ়ক - ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ

Intro:বৰপেটাৰোড 24 ডিচেম্বৰ : ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে মঙ্গলবাৰে নিজ সমষ্টি সৰভোগত উপস্থিত হয় ৷ উজনি অসমত আন্দোলনৰ নামত চৰকাৰী কাৰ্যালয় ভাঙি জ্বলাই দি যি তাণ্ডব চলাইছে তাৰবাবে কংগ্ৰেছ দলক জগৰীয়া কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুুমাৰ দাসে ৷Body:উজনি অসমত কংগ্ৰেছ দলে চলোৱা ষড়যন্ত্ৰক বিজেপি নেতৃত্বাধীন ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওফৰাব বুলিও মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ সৰভোগৰ চকচকা ব্লক মণ্ডলৰ কাৰ্যালয়ত মঙলবাৰে উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে আছুৰ গণতান্ত্ৰিক আন্দোলনক সন্মান জনোৱা বুলি উল্লেখ কৰি এই গণতান্ত্ৰিক আন্দোলনৰ সুযোগলৈ যি সকলে এনেধৰণৰ তাণ্ডব চলাইছে তেওলোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লব বুলি বিজেপিৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে আশা প্ৰকাশ কৰি এই আন্দোলনৰ লগত জড়িত ব্যক্তিক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও চৰকাৰক দাবী জনাইছে ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.