বৰপেটা ২১ মাৰ্চ: বৃহস্পতিবাৰে বৰপেটা সত্ৰৰ দৌল মহোৎসৱত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাস ৷ বৰপেটা সত্ৰত উপস্থিত হৈআশীষ লোৱাৰ লগতে আবিৰৰ ৰঙত ৰঙীন হয় সভাপতিগৰাকী ।ইপিনে লোকসভা নিৰ্বাচনক লৈ ৰঞ্জিৎ কুমাৰ দাস প্ৰতিক্ৰিয়া সামগ্ৰিক পৰিস্থিতিত বিজেপিৰ ফলাফল ভাল হ'ব ৷ আনহাতে বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত সভাপতি গৰাকীয়ে ক'লে অতিশীঘ্ৰেই প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা ।
মনোহৰ পাৰিকৰৰ মৃত্যুৰ বাবেই কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক এদিন স্থগিত ৰাখিব লগীয়া হোৱাত দুই এদিন বিলম্ব হৈছে বুলি উল্লেখ কৰে৷এতিয়াও দিল্লীত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক চলি আছে ৷৮ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে ৷ যদিও চূড়ান্ত কৰা হোৱা নাই নগাঁও আৰু তেজপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে চূড়ান্ত কৰিব তেজপুৰ আৰু নগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷
আনহাতে ড0 হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত ৰঞ্জিৎ কুমাৰ দাসৰ মন্তব্য নেডাৰ কনভেনৰৰ দায়িত্বত থকাৰ বাবেই ড0 হিমন্ত বিশ্ব শৰ্মাক দিয়া নাই প্ৰাৰ্থিত্ব ৷ ড0 হিমন্ত বিশ্ব শৰ্মাক ২৫ টা সমষ্টিত নিৰ্বাচনৰ দায়িত্ব দিয়া হৈছে ৷এটা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ২৫ টা সমষ্টিৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব হিমন্ত বিশ্ব শৰ্মা ৷ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্য়ে হাইকমাণ্ডৰ উপদেশ মানি লৈছে বুলি মন্তব্য ৰঞ্জিৎ দাসে ৷