ETV Bharat / state

এইবাৰ আমিনুল ইছলামৰ বিৰুদ্ধে কি অভিযোগ আনিলে ৰাইজৰ দলে

author img

By

Published : Aug 14, 2021, 2:21 PM IST

এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ অভিযোগ নস্যাৎ ৰাইজৰ দলৰ । সংবাদমেলযোগে আমিনুল ইছলামক সমালোচনা ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামৰ ।

Raijor Dal Press meet
আমিনুল ইছলামৰ বিৰুদ্ধে সংবাদমেল ৰাইজৰ দলৰ

জনীয়া, ১৪ আগষ্ট : শেহতীয়াকৈ অসমৰ ৰাজনীতিত 'ৰাইজৰ দল' (Raijor Dal) আৰু 'এআইইউডিএফ' (AIUDF) দলৰ সংঘাতে বিশেষ চৰ্চা লাভ কৰিছে । ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে (MLA Aminul Islam) ৰাইজৰ দল আৰু বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi) বিৰুদ্ধে কৰা এক মন্তব্যৰ পাচতে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । আমিনুল ইছলামে অভিযোগ কৰা মতে অখিল গগৈয়ে 'ৰাইজৰ দল' খোলাৰ পূৰ্বে এআইইউডিএফৰ পৰা ১০ কোটি টকা বিচাৰিছিল ।

বিধায়কগৰাকীৰ এই অভিযোগৰ পাচতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লগতে আমিনুল ইছলামৰ বিৰুদ্ধে ৰাইজৰ দলৰ কৰ্মী তথা সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । এইবাৰ কলগাছিয়াত ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে এক সংবাদমেল সম্বোধন কৰে । ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অখিল গগৈ আৰু ৰাইজৰ দলক হেয় প্ৰতিপন্ন কৰিবলৈ মনে সজা, ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্য-প্ৰণোদিতভাৱে আমিনুল ইছলামে অভিযোগ উত্থাপন কৰিছে বুলি দাবী কৰে ৰাইজৰ দলৰ মুখপাত্ৰ আশ্ৰাফুল ইছলামে ।

ফলত আমিনুল ইছলামৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰা হৈছে বুলিও উল্লেখ কৰে ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে । আনহাতে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ (Badaruddin Ajmal) ব্যৱসায়িক সাম্ৰাজ্যৰ শ্ৰীবৃদ্ধি আৰু সুৰক্ষাৰ ঢাল হিচাপে AIUDF দলক ব্যৱহাৰ কৰি অহাৰ লগতে AIUDF আৰু বদৰুদ্দিন আজমলে গোপনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু বিজেপিৰ (BJP) এজেন্ট হিচাপে কাম কৰি আহিছে বুলি অভিযোগ কৰে আশ্ৰাফুল ইছলামে ।

লগতে পঢ়ক :অইলৰ ঠিকাভিত্তিক নিযুক্তি বাতিলৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.