ETV Bharat / state

Bajali District Controversy: বজালী জিলাত বৰপেটাৰ একাংশ অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতাৰে বৰপেটা সত্ৰত প্ৰতিবাদী সভা - বৰপেটা সত্ৰ

বজালী জিলাত চামিল কৰা হ’ল বৰপেটা জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ এইবাৰ বৰপেটা সত্ৰৰ নেতৃত্বত প্ৰতিবাদী সভা ৷

Bajali District Controversy
Bajali District Controversy
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 6:57 PM IST

বজালী জিলাত চামিল কৰা হ’ল বৰপেটা জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল

বৰপেটা, ৩১ আগষ্ট: নতুন বজালী জিলা গঠনৰ নামত বৰপেটা জিলাৰ প্ৰশাসনিক পৰিসীমা সংকুচিত কৰা সিদ্ধান্তৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিক্ৰিয়া-প্ৰতিবাদ ৷ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি বৃহস্পতিবাৰে বৰপেটা সত্ৰৰ সন্মুখত গ্ৰহণ কৰা হৈছে ৰাজহুৱা প্ৰতিবাদী সমাৱেশ কাৰ্যসূচী ৷ বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ আহ্বানমৰ্মে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

ৰাজহুৱা প্ৰতিবাদী সমাৱেশত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ নেতৃত্বত বিভিন্ন সত্ৰৰ ভকত-বৈষ্ণৱ, আই-মাতৃসকলৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰি বৰপেটা জিলাৰ প্ৰশাসনিক পৰিসীমা পূৰ্বৰ দৰে অক্ষুণ্ণ ৰখাৰ দাবী জনোৱা হয় ৷

উল্লেখ্য যে নতুন বজালী জিলা গঠনৰ নামত ৰাজ্য চৰকাৰে সৰভোগ, বৰপেটা ৰোড, হাউলী আদি অঞ্চল বৰপেটা জিলাৰ পৰা কৰ্তন কৰিছে ৷ পৰিণতিস্বৰূপে সংকুচিত হৈ পৰিছে বৰপেটা জিলাৰ প্ৰশাসনিক পৰিসীমা ৷ চৰকাৰৰ এই সিদ্ধান্তত জাঙুৰ খাই উঠিছে বৰপেটা জিলাবাসী ৰাইজ ৷

বিগত কিছুদিন ধৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিভিন্ন দল-সংগঠনে ধাৰাৱাহিকভাৱে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ অৱশেষত আজি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকলৰ মাজত ৷

ইফালে মন্ত্ৰী ৰণজিৎ দাসৰ বিৰুদ্ধেও জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷ মন্ত্ৰী ৰণজিৎ দাসে নিজৰ মাতৃক শিৰচ্ছেদ কৰা বুলি উল্লেখ কৰি তেওঁক মাতৃহন্তা আখ্যা দিয়ে প্ৰতিবাদী ৰাইজে ৷ বুধবাৰে আছুৱে বৰপেটাৰ একাংশ অঞ্চল নৱ গঠিত বজালী জিলাৰ সৈতে চামিল কৰাৰ বিৰোধিতাৰে পথসভা আয়োজন কৰি মন্ত্ৰী ৰণজিৎ দাসক তীব্ৰ আক্ৰমণ কৰে ৷

লগতে পঢ়ক: Barpeta News: বৰপেটাৰ একাংশ বজালীৰ সৈতে চামিল কৰাৰ বিৰোধিতা; ৰণজিৎ দাসক মাতৃহন্তা আখ্যা আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.