বৰপেটা,22 জুলাইঃ কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত ৰাজ্যৰ সৰ্বত্ৰে এতিয়া তীব্ৰ প্ৰতিবাদ ৷ 6 মাহ ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ বহৰিৰ মাদ্ৰাছা চ'কত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে বিয়লি মানৱ শৃংখল গঢ়ি তুলি সাব্যস্ত কৰে প্ৰতিবাদ ৷ গোমাফুলবাৰী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-যুৱ সমাজে প্ৰতিবাদমুখৰ কৰি তোলে মাদ্ৰাছা চ'ক৷অখিল গগৈক মুক্তি দিয়ক, অখিল গগৈক হত্যা কৰিবলৈ দিয়া নহ'ব, বিজেপি চৰকাৰ হায় হায়,কা আমি নামানো, জয় আই অসম আদি শ্ল'গানেৰে সৰৱ হৈ পৰে প্ৰতিবাদী কণ্ঠ ৷ আনহাতে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি ছাত্ৰ মুক্তিৰ নেতা আশ্ৰাফুল হুছেইনৰ মন্তব্য,চৰকাৰে ভয় কৰে অখিল গগৈক ৷ যাৰ বাবে ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দি দীৰ্ঘদিন কাৰাবন্দী কৰি ৰখাৰ লগতে চৰকাৰে ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব খুজিছে ৷
লগতে পঢ়কঃবাঘজানত পুনৰ দুৰ্ঘটনা : তৈলক্ষেত্ৰত বিস্ফোৰণত আহত তিনি বিশেষজ্ঞ