বৰপেটা, 19 মে': বৰপেটা জিলাৰ হাউলীৰ "জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ" অধ্যক্ষ নুৰুল ইছলাম নাকভিক আৰক্ষীয়ে আটক কৰে ৷ হাৱালাৰ জৰিয়তে দেশ বিদেশৰ পৰা আৰবী কলেজখনলৈ ধন অহাৰ অভিযোগত অধ্যক্ষ গৰাকীক আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন নাকভিৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ লগতে কলেজখনৰ পৰা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে ৷
"জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ" চৌহদটো 62 বিঘা মাটিৰে আগুৰা এক বৃহৎ অঞ্চলত আৱৰি আছে ৷ 2001 চনত স্থাপিত কলেজখনত পশ্চিমবংগ-মালদহ আদিৰ ছাত্ৰ পঢ়িবলৈ আহে ৷ ইয়াৰোপৰিও আৰবী কলেজখনত এগৰাকী নেপালৰো শিক্ষয়ত্ৰী আছে ৷ ইপিনে নাকভিৰ পিতৃ জামালউদ্দিন চালাফিয়ে কলেজখন প্ৰতিষ্ঠাৰ সৈতে জড়িত বহু তথ্য প্ৰকাশ কৰে ৷ তেওঁ জনোৱা অনুসৰি আৰবী কলেজখনলৈ, কুৱেইটৰ হাৱালাৰ জৰিয়তে দেশ বিদেশৰ পৰা ধন আহে ৷ নাকভিৰ সম্পৰ্কে পিতৃ জামালউদ্দিন জনোৱা অনুসৰি , আৰবী বিষয়ত নাকভিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত গোল্ড মেডেল লাভ কৰিছিল ৷ উল্লেখ্য যে, আৰক্ষীয়ে অধ্যক্ষ নুৰুল ইছলাম নাকভিক আটক কৰাৰ সময়ত তেওঁৰ পৰা 4 লাখ 45 হাজাৰ টকা উদ্ধাৰ কৰে ৷