ETV Bharat / state

জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে কলগাছিয়াবাসীক - যাতায়াত

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ খাৰবাল্লীৰ পথটো জৰাজীৰ্ণ হৈ পৰাত যাতায়াতৰ সমস্য়াত ভুগিছে স্থানীয় ৰাইজ ৷ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা বাঁহৰ সাঁকোসমূহ বানপানী তথা দিন বাগৰাৰ ফলত জহি খহি গৈছে ৷ পথটো মেৰামতিৰ বাবে চৰকাৰ তথা প্ৰশাসনক দাবী ভুক্তভোগী ৰাইজৰ ।

poor road condition in kalgachia
কলগাছিয়াৰ জৰাজীৰ্ণ পথ
author img

By

Published : Nov 18, 2020, 10:31 AM IST

জনীয়া,18 নৱেম্বৰ : বৰপেটাৰ কলগাছিয়াৰ খাৰবাল্লীত জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক । ভাঙি ছিঙি বিপজ্জনক হৈ পৰিছে বাঁহৰ সাঁকো । মৰণক শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে কলগাছিয়াবাসী ৷

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ খাৰবাল্লীৰ পথটো বিগত বানপানীৰ সময়ত কেইবা ঠাইতো ভাঙি যোৱাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা । স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো নিৰ্মাণ কৰি লৈছিল যদিও সম্প্ৰতি সাঁকোসমূহ জহি খহি গৈছে ৷ অঞ্চলটোলৈ কোনো এম্বুলেন্স অথবা অগ্নিনিৰ্বাপক বাহন যাব নোৱাৰে । যাৰ ফলত কান্ধত তুলি অনা-নিয়া কৰিবলগীয়া হয় ৰোগী ।

কলগাছিয়াৰ জৰাজীৰ্ণ পথ

আনহাতে খাৰবাল্লী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে এই জৰাজীৰ্ণ ভঙা বাঁহৰ সাঁকোৰে দৈনিক যাতায়াত কৰিব লগা হৈছে । এই ক্ষেত্ৰত জনপ্ৰতিনিধিসকলে কোনো ধৰণৰ কাণ সাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । শীঘ্ৰেই পথটো মেৰামতি কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : নগাঁৱত বেংক বিষয়াৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.