ETV Bharat / state

ৰাইজে জনীয়াৰ এটা পথৰ নাম দিলে মৰণ ফান্দ : কিন্তু কিয় ?

মৰণ ফান্দত সদৃশ এটা পথে জলা-কলা খুৱাইছে পথচাৰীক ৷ অতি নিম্ন মানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাৰ ফলত ঠায়ে ঠায়ে পথটো খহি যোৱা উপক্ৰম হৈছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

ৰাইজে জনীয়াৰ এটা পথৰ নাম দিলে মৰণ ফান্দ, কিন্তু কিয় ?

author img

By

Published : Apr 16, 2021, 12:44 PM IST

জনীয়া, 16 এপ্ৰিল : আমিনগাঁৱৰ পৰা জনীয়া হৈ উত্তৰ শালমাৰালৈ যোৱা বিকল্প ৰাজ্যিক ঘাই পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে পথচাৰীক । অতি নিম্ন মানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাৰ ফলত ঠায়ে ঠায়ে পথটো খহি যোৱা উপক্ৰম হৈছে ৷ যাৰ ফলস্বৰূপে এতিয়া অতি ভয়ংকৰ আৰু বিপদ সংকুলভাৱে সেই পথেৰে যাত্ৰা কৰিব লগা হৈছে পথচাৰী ৷

ৰাইজে জনীয়াৰ এটা পথৰ নাম দিলে মৰণ ফান্দ, কিন্তু কিয় ?

স্থানীয় লোকৰ অভিযোগ অনুসৰি, গৌতম কনচট্ৰাকচনে বেকী নদীৰ পৰা অবৈধভাৱে বালি খনন কৰি অতি নিম্নমানেৰে ৰাস্তাটো নিৰ্মাণ কৰাৰ ফলত জনিয়া সমষ্টিৰ শওপুৰ, ছনপুৰা, চৰিয়তপুৰ, ক্ষুদ্ৰকুছি, বৰটাৰী আদি অঞ্চলত এজাক বৰষুণৰ ফলত বিকল্প ৰাজ্যিক ঘাই পথটো জহি খহি গৈছে ৷ দৈনিক হাজাৰ হাজাৰ মানুহ আৰু গাড়ী-মটৰ যাতায়ত কৰা অতি গুৰুত্বপূৰ্ণ এই ৰাস্তাটোৰ ছাইট বান্ধ জহি খহি যোৱাৰ লগতে ৰাস্তাৰ মাজতে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত মৰণ ফান্দত পৰিণত হৈছে পথটো । ফলত মাজে সময়ে দুৰ্ঘটনাও সংঘটিত হৈ আহিছে। সেয়ে শীঘ্ৰে পিডব্লিউডি বিভাগক ৰাস্তাটো মেৰামতি কৰাৰ লগতে তদন্তৰ দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক: সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.