ETV Bharat / state

Barpeta moral policing case: বৰপেটা ৰোড কাণ্ডৰ সৈতে জড়িত 11 টাক গ্ৰেপ্তাৰ; কেইবাটাও পলাতক - moral police incident in Barpeta

বৰপেটা ৰোড কাণ্ডৰ সৈতে জড়িত আন এটা অভিযুক্তক মংগলবাৰে বৰপেটা ৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমানলৈকে মুঠ 11 অভিযুক্তক গ্ৰেপ্তাৰ কৰি মঙলবাৰে জে’ল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে (Barpeta sex racket moral police incident) ৷

moral police incident in Barpeta
বৰপেটা ৰোড কাণ্ডৰ সৈতে জড়িত 11 জনক গ্ৰেপ্তাৰ
author img

By

Published : Apr 26, 2023, 8:16 AM IST

বৰপেটা ৰোড কাণ্ডৰ সৈতে জড়িত 11 জনক গ্ৰেপ্তাৰ

বৰপেটা ৰোড, 26 এপ্ৰিল : আৰক্ষীৰ জালত পৰিছে মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈ যুৱক-যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰা এটাৰ পিচত আনটো দুৰ্বৃত্ত ৷ ৰাজ্য জোকাৰি যোৱা বৰপেটা ৰোড কাণ্ডৰ সৈতে জড়িত আৰু এটা অভিযুক্তক মংগলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে, 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰপেটা ৰোডৰ কলহভাঙ্গা চাইনব’ৰ্ডৰ সমীপৰ এখন ধাবাত দেহ ব্যৱসায় চলাই থকাৰ অভিযোগত দেওবাৰে একাংশ উত্তেজিত ৰাইজে ধাবাখনত প্ৰৱেশ কৰি ধাবাখন ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধাবাখনত দেহ ব্যৱসায় কৰাৰ অভিযোগত দুগৰাকীকৈ যুৱতীক দলৱদ্ধভাৱে আক্ৰমণ কৰিছিল ৷ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ (Barpeta sex racket moral police incident) ৷

আৰক্ষীৰ অনুপস্থিতিত একাংশ উত্তেজিত যুৱকে মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈছিল ৷ বাঁহেৰে কোবাই, লথিয়াই, গতিয়াই উত্তেজিত যুৱকে প্ৰহাৰ কৰিছিল যুৱক-যুৱতীসকলক ৷ এই দৃশ্য ভাইৰেল হৈ পৰাৰ পিচতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সচেতন মহলত ৷ ইয়াৰ পিচতে আইন নিজৰ হাতত তুলি লোৱা লোকৰ বিৰুদ্ধে বৰপেটা ৰোড আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখি ভিডিঅ’ ক্লিপৰ জৰিয়তে চিনাক্ত কৰি মংগলবাৰে ঘটনা সংক্ৰান্তত ১০টা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Police Arrest 11 Moral Police related to barpeta incident) ৷

ঘটনাৰ সৈতে জড়িত আন এটা অভিযুক্ত নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰে বৰপেটা ৰোড আৰক্ষীয়ে ৷ বৰপেটা ৰোড আৰক্ষীৰ জিম্মাত থকা অভিযুক্তকেইটা হ’ল ছানিদুল ইছলাম, বিলাত হুছেইন, আমিৰ হুছেইন, আলমগীৰ আলী, আক্কাছ আলী, শ্বাকিবুল হুছেইন, ছাদ্দাম হুছেইন, জাহিদুল ইছলাম, আবুল হুছেইন আৰু আব্দুল লতিফ (11 Arrested In Barpeta Moral Policing Case) ৷

এই ঘটনাৰ লগত জড়িত আন কেবাজনো লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ চেষ্টা চলাইছে যদিও সেইসকল অভিযুক্ত সম্প্ৰতি পলাতক হৈ থকা বুলি জানিব পৰা গৈছে (Barpeta sex racket news update) ৷

লগতে পঢ়ক : Sex racket: ৰাইজে উৎখাত কৰিলে নাৰী দেহ ব্যৱসায়ী চক্ৰ; যুৱতীকো মাৰধৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.