ETV Bharat / state

কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ নিখিল ভাৰত কৃষক সভাৰ

কৃষি আইন বাতিল আৰু হান্নান মোল্লাক মুক্তি কৰি দিয়াৰ দাবীত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

pm modi's effigy burnt at kalgachia
pm modi's effigy burnt at kalgachia
author img

By

Published : Dec 5, 2020, 4:15 PM IST

জনীয়া, 5 ডিচেম্বৰ : কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ নিখিল ভাৰত কৃষক সভাৰ । যোৱা ন দিন ধৰি দিল্লীত ধাৰাবাহিক ভাবে চলি থকা কৃষক আন্দোলনৰ পিছতো কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে কৃষি আইন বাতিল কৰা নাই । আনহাতে কৃষক আন্দোলনৰ নেতা তথা নিখিল ভাৰত কৃষক সভাৰ সৰ্ব ভাৰতীয় সাধাৰণ সম্পাদক হান্নান মোল্লাৰ ওপৰত চৰকাৰে ক’লা আইন জাপি দি অবৈধ ভাৱে গ্ৰেপ্তাৰ কৰিছে ।

সেয়ে কৃষি আইন বাতিল আৰু হান্নান মোল্লাক মুক্তি কৰি দিয়াৰ দাবীত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে দাবী পূৰণ নহ’লে অহা ৮ ডিচেম্বৰত ভাৰত বন্ধৰ আহবান কৰা হ’ব বুলি প্ৰতিবাদকাৰীয়ে হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : ২৮ ডিচেম্বৰৰ পৰা বিধানসভাৰ শীতকালিন অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.