ETV Bharat / state

Mother Old Age Home-ৰ দায়িত্ব ল’বলৈ সাজু ডাঃ বুদ্ধদেৱ ভট্টাচাৰ্য

সম্প্ৰতি ৰাজ্যত কৰ্তৃপক্ষৰ দায়বদ্ধতাহীনতাৰ বাবে বিতৰ্কৰ শীৰ্ষত আছে মাদাৰ অ’ল্ড এজ হোম(Mother Old Age Home) নামৰ বৃদ্ধাশ্ৰমখন ৷ এনে সময়তে, মাদাৰ অ’ল্ড এজ হোম(Mother Old Age Home)ত থকা বৃদ্ধা লোক সকলৰ সম্পূৰ্ণ দায়িত্ব লবলৈ সাজু হৈছে বৰপেটাৰোডৰ “আশ্ৰয়" নামৰ বৃদ্ধাশ্ৰমৰ গৰাকী চিকিৎসক ডাঃ বুদ্ধদেৱ ভট্টাচাৰ্য ৷

author img

By

Published : Jun 24, 2021, 11:07 PM IST

physicist-is-ready-to-take-responsibility-of-controversial-mother-old-age-home
মাদাৰ অল্ড এজ হোমৰ দায়িত্ব ল’বলৈ সাজু এগৰাকী চিকিৎসক

বৰপেটাৰোড 24 জুন : যি সময়ত সমগ্ৰ ৰাজ্যত 'মাদাৰ অ’ল্ড এজ হোম(Mother old age home)' চৰ্চিত হৈ আছে সেইসময়তে বৃদ্ধ লোকসকলৰ বাবে আগবাঢ়ি আহিল বৰপেটাৰোডৰ সমীপৰ জাখলিপাৰত অৱস্থিত "আশ্ৰয়" নামৰ এখন বৃদ্ধ আশ্ৰম । শিশু বিভাগৰ বৰপেটাৰোডৰ চিকিৎসক ডাঃ বুদ্ধদেৱ ভট্টাচাৰ্যই বিগত কেবা বছৰৰ পৰা কোনো ধৰণৰ প্ৰচাৰ নকৰাকৈ নিজে উপাৰ্জন কৰা ধনেৰে 'আশ্ৰয়' নামৰ এই বৃদ্ধ আশ্ৰমখন চলাই আহিছে ৷

ইতিমধ্যে, এই আশ্ৰমখনত বৰপেটা, বিজনী, বৰপেটাৰোড আদি বিভিন্ন ঠাইৰ মুঠ ৭ জন বৃদ্ধ-বৃদ্ধাই আশ্ৰয় লৈ আছে ৷ গুৱাহাটীত অৱস্থিত মাদাৰ অ’ল্ড এজ হোমত ঘটা ঘটনাবোৰ কিছুদিন ধৰি সামাজিক মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ হোৱাৰ পাছতে চিকিৎসক ডাঃ বুদ্ধদেৱ ভট্টাচাৰ্যই তেখেতৰ মাদাৰ অ’ল্ড এজ হোমত ১৫ জনকৈ বৃদ্ধ-বৃদ্ধাক আশ্ৰয় দি সম্পূৰ্ণ দায়িত্ব ল’বলৈ মনস্থ কৰিছে ৷

যদি কোনো বৃদ্ধলোকে এই আশ্ৰয়"(ASHRY) নামৰ বৃদ্ধা আশ্ৰমলৈ যাব বিচাৰে তেনে লোকক বিনাদ্বিধাই আশ্ৰমখনলৈ যাবলৈ আহ্বান জনাইছে চিকিৎসক ডাঃ বুদ্ধদেৱ ভট্টাচাৰ্যই ৷

যি সময়ত একাংশ পুত্ৰ বোৱাৰীয়ে নিজৰ পিতৃ মাতৃৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাত ব্যৰ্থ হৈছে সেই সময়তে এইগৰাকী চিকিৎসকে এনেদৰে আগবাঢ়ি আহি সামাজিক দায়িত্ববোধৰ পৰিচয় দিয়াত এতিয়া সচেতন মহলে তেখেতৰ এই পদক্ষেপৰ প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক : ২৬ জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.