ETV Bharat / state

অৱসৰপ্ৰাপ্ত শিক্ষকৰ কামনাৰ বলি হল ৭ বছৰীয়া কিশোৰী

অৱসৰপ্ৰাপ্ত শিক্ষকৰ কামনাৰ বলি হল ৭ বছৰীয়া কিশোৰী ৷ তদন্ত নামত আৰক্ষীৰ ভেকো ভাওনা ৷ সাংবাদিকৰ কেমেৰা দেখি পলায়ন আৰক্ষীৰ ৷

pathsala-minor-girl-rape-by-retired-teacgher
অৱসৰপ্ৰাপ্ত শিক্ষকৰ কামনাৰ বলি হল ৭ বছৰীয়া কিশোৰী
author img

By

Published : May 28, 2021, 6:15 PM IST

Updated : Jun 28, 2021, 9:18 AM IST

বজালী, 28 মে': নাৰী নিৰ্যাতনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ তোলপাৰ লাগি থকাৰ সময়তে শুকুৰবাৰে বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ মাছখোৱা পাৰা গাঁৱৰ এগৰাকী ৭ বছৰীয়া কিশোৰীক টিউচন কৰাৰ চলেৰে ঘৰলৈ মাতি নি এজন অৱসৰপ্ৰাপ্ত শিক্ষকে ধৰ্ষণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ বজালীতে ।

জানিব পৰা মতে গাঁও আনন্দ বজাৰৰ গড় আলী ভোলা নাথ হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰবীণ কলিতাই নিজৰ ঘৰৰ সন্মুখৰ ছোৱালী এগৰাকীক টিউচন কৰাৰ চলেৰে মাতি আনি নিজ ঘৰতে উপৰ্যুপৰি ধৰ্ষণ কৰে ।

ইয়াৰ পিছত ছোৱালী জনীয়ে ঘৰত সকলো কথা বিবৰি কোৱাত দুৰ্ভগীয়া পৰিয়ালটোৱে পাটাছাৰকুছি থানাত গোচৰ ৰুজু কৰে ৷ কিন্তু তদন্তৰ ক্ষেত্ৰত পাটাছাৰকুছি আৰক্ষী যি ধৰণে তৎপৰতা অৱলম্বন কৰিব লাগিছিল তাৰ বিপৰীতে অভিযুক্তৰ ক্ষেত্ৰত পক্ষপাতৰ ভুমিকা লোৱা বুলি ভুক্তভোগী পৰিয়ালে গুৰুতৰ অভিযোগ কৰিছে ।

এতিয়ালৈকে পাটাছাৰকুছি আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত শিক্ষকজনক । আনহাতে, ঘটনাৰ পিছত অসুস্থ হৈ পৰা কিশোৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে । ঘটনাৰ পিছত এইগৰাকী শিক্ষকক সকলোৱে একেমুখে ধিক্কাৰ দি কঠোৰতম শাস্তিৰ দাবী কৰিছে ।

লগতে পঢ়ক: চৰকাৰলৈ নৰৈ ডেপি নদীৰ গৰাখহনীয়া ৰোধৰ বাবে ওলাই আহিল ৰাইজ

Last Updated : Jun 28, 2021, 9:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.