ETV Bharat / state

PMAY Scam in Barpeta: বৰপেটাৰ পঞ্চায়তত লুণ্ঠনৰাজ খোদ পঞ্চায়ত সভাপতিৰ

author img

By

Published : Mar 11, 2023, 12:32 PM IST

Updated : Mar 11, 2023, 1:09 PM IST

বৰপেটাৰ পঞ্চায়তত লুণ্ঠনৰাজ ৷ ভূপেন বৰাৰ মানুহ বুলি দৰিদ্ৰ হিতাধিকাৰীক ভাবুকি পঞ্চায়ত সভাপতিৰ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ পৰা জোৰজুলমকৈ ধন আত্মসাৎ পঞ্চায়ত সভাপতিৰ (panchayat president scam in PMAY in barpeta) ৷

Barpeta
Barpeta
বৰপেটাত পঞ্চায়ত সভাপতিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আত্মসাৎ

বৰপেটা, ১১ মাৰ্চ : বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ গোধনী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত ব্যাপক লুণ্ঠন চলাইছে পঞ্চায়তৰ সভাপতিয়ে (PMAY scam at senga constituency of Barpeta) ৷ নিজকে কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ ঘনিষ্ঠ বুলি দাবী কৰি পঞ্চায়ত সভাপতি আবুবক্কৰ চিদ্দিকে হিতাধিকাৰীসকলক ভাবুকি প্ৰদান কৰি হাজাৰ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে (congress president Bhupen Bora) ৷

পঞ্চায়ত সভাপতিগৰাকীৰ দাবী-ধমকিত সন্ত্ৰস্ত হৈ আৰক্ষীৰ ওচৰত ভুক্তভোগী হিতাধিকাৰীসকলে এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপিত হৈছে (panchayat president PMAY scam in barpeta) ৷ বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ গোধনী গাঁও পঞ্চায়তত চলিছে এই লুণ্ঠনৰাজ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত হিতাধিকাৰীয়ে লাভ কৰা ধনৰ চান কাঢ়িছে পঞ্চায়ত সভাপতিয়ে (Pradhan Mantri Gramin Awas Yojana) ৷

ফলত এইদৰে অৰ্ধনিৰ্মিত হৈ আছে হিতাধিকাৰীৰ চৰকাৰী গৃহ ৷ দক্ষিণ গোধনী গাঁও পঞ্চায়তৰ সভাপতি আবুবক্কৰ চিদ্দিকে নিজকে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘনিষ্ঠ বুলি পৰিচয় দি পঞ্চায়তটোৰ দৰিদ্ৰ হিতাধিকাৰীসকলৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন জোৰজুলুম কৰি আদায় কৰা বুলি অভিযোগ তুলিছে এইসকল হিতাধিকাৰীয়ে ৷ হিতাধিকাৰীসকলৰ অভিযোগ, পঞ্চায়ত সভাপতি আবুবক্কৰ চিদ্দিকে "মই ভূপেন বৰাৰ মানুহ" বুলি ভাবুকি দি দৰিদ্ৰ হিতাধিকাৰীৰ পৰা আদায় কৰিছে হাজাৰ হাজাৰ টকা ৷

হিতাধিকাৰীসকলৰ জবকাৰ্ডৰ ধনো আত্মসাৎ কৰিছে পঞ্চায়ত সভাপতি আবুবক্কৰ চিদ্দিকে ৷ ফলত এইদৰে অৰ্ধনিৰ্মিত হৈ ৰৈছে দৰিদ্ৰ হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ৷ পঞ্চায়ত সভাপতি আবুবক্কৰ চিদ্দিকে হিতাধিকাৰীসকলৰ পৰা জোৰজুলুমকৈ ধন আদায় কৰা সন্দৰ্ভত কেইবাজনো হিতাধিকাৰীয়ে তাৰাবাৰী আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক :Panchayat employee arrested in Teok: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পঞ্চায়তৰ কৰ্মচাৰী

Last Updated : Mar 11, 2023, 1:09 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.