বৰপেটা, ৩০ ছেপ্টেম্বৰ : সাধাৰণতে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহনৰ পিচত পেঞ্চনৰ বাবে তাঁতবাতি কাঢ়িব লগীয়া হয় ৷ তাৰ পিছতো কিন্তু সঠিক সময়ত প্ৰাপ্য পেঞ্চন লাভ কৰিবলৈ সক্ষম নহয় অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকল । এই দৃশ্য যেন চিৰ-পৰিচিত, কিন্তু বৃহস্পতিবাৰে বৰপেটাত প্ৰথমবাৰৰ বাবে এজন বিষয়াক অৱসৰৰ দিনাটোতে পেঞ্চনসহ সকলো প্ৰাপ্য ধন প্ৰদান কৰি চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক অনুপ্ৰেৰণামূলক বাৰ্তা দিবলৈ সক্ষম হৈছে বৰপেটা জিলা কোষাগাৰ বিষয়া ধ্ৰুৱজ্যোতি বৰা ৷
মূলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মোৎসাহী নীতিক সঠিক ৰূপ প্ৰদান কৰি বৃহস্পতিবাৰে বৰপেটা কোষাগাৰৰ এজন কৰ্মচাৰীক অৱসৰৰ দিনটোতেই প্ৰদান কৰা হ’ল অন্তৰ্ৱতীকালীন পেঞ্চনৰ মঞ্জুৰী পত্ৰৰ উপৰি কৰ্মচাৰী ভৱিষ্যনিধিৰ জমা পুঁজি ৷ জমা ছুটিৰ নগদীকৰণ আৰু অৱসৰকালীন গ্ৰেছুইটী ভাট্টাসহ সকলো বিত্তীয় মঞ্জুৰী ৷ এনে কাৰ্যৰ জৰিয়তে এক প্ৰকাৰ ইতিহাস সৃষ্টি কৰিছে জিলাখনৰ কোষাগাৰ বিষয়া গৰাকীয়ে ৷
বৃহস্পতিবাৰে বৰপেটা কোষাগাৰৰ অধীক্ষক নুৰুল ইছলামে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ দিনটোতেই কোষাগাৰ বিষয়া ধ্ৰুৱজ্যোতি শৰ্মাৰ তৎপৰতাত পেঞ্চনৰ উপৰি প্ৰায় সকলোখিনি অৱসৰকালীন প্ৰাপ্যধনৰ মঞ্জুৰী লাভ কৰিবলৈ সক্ষম হয় । ইপিনে, অৱসৰ গ্ৰহণ কৰা বিষয়াগৰাকীক কোষাগাৰৰ বিষয়া-কৰ্মচাৰীসকলে অৱসৰকালীন জীৱন সুন্দৰ আৰু আনন্দময় হোৱাৰ কামনাৰে তেওঁক বিদায় সম্বৰ্ধনা প্ৰদান কৰে ।
লগতে পঢ়ক : অতি শীঘ্ৰে বেদখলমুক্ত হ'ব কলং : ৰূপক শৰ্মা