ETV Bharat / state

চাউলৰ ক’লা ব্যৱসায় চলিবলৈ দিয়া নহ’ব ৰাজ্যত : ৰণজিৎ কুমাৰ দাস

চাউলৰ ক’লা ব্যৱসায় চলিবলৈ দিয়া নহ’ব ৰাজ্যত । ইতিমধ্যেই বৰপেটাত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷ দুৰ্নীতিত লিপ্ত পঞ্চায়ত প্ৰতিনিধি বা বিষয়া কৰ্মচাৰীক জেললৈ পঠোৱাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । বৰপেটাত এই কথা ক’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

ranjit kumar das
চাউলৰ ক’লা ব্যৱসায়
author img

By

Published : Sep 6, 2021, 3:26 PM IST

বৰপেটা ৬ ছেপ্টেম্বৰ: ৰাজ্যত অবাধে চলি আছে পি ডি এছ চাউলৰ চোৰাং বেহা ৷ ৰাজ্য চৰকাৰে পি ডি এছ চাউলৰ চোৰাং বেহা বন্ধ কৰা বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ তেওঁ সংবাদ মাধ্যমৰ আগত পি ডি এছৰ চোৰাং চাউলৰ ব্যৱসায় সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, চাউলৰ ক’লা ব্যৱসায় চলিবলৈ দিয়া নহ’ব ৰাজ্যত । ইতিমধ্যেই বৰপেটাত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

লগতে পঢ়ক : কেতিয়াকৈ হ’ব স্থানীয় ৰে’লৰ চলাচল ?

একেদৰে পঞ্চায়তৰ দুৰ্নীতি ৰোধ কৰাৰ বাবেই সহস্ৰাধিক বিষয়া কৰ্মচাৰীক একেলগে বদলি কৰা হৈছে আৰু ভালে সংখ্যা বিডিঅ’, কনিষ্ঠ অভিজন্তা আৰু জি আৰ এচক আটক কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ ৷ দুৰ্নীতি কৰা পঞ্চায়ত প্ৰতিনিধিক সতৰ্ক কৰি ৰণজিৎ কুমাৰ দাসে কয় যে, দুৰ্নীতিত লিপ্ত পঞ্চায়ত প্ৰতিনিধি বা বিষয়া কৰ্মচাৰীক জেললৈ পঠোৱাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ।

ৰণজিৎ কুমাৰ দাসৰ মন্তব্য

লগতে পঢ়ক : কমিছে বানৰ প্ৰকোপ : বাঢ়িছে বানাক্ৰান্তৰ দুৰ্ভোগ

উল্লেখ্য যে, যোগান বিভাগৰ অধীনত বিতৰতৰণ বাবে দঅনা চাউলৰ এক বৃহৎ ক’লা বজাৰ ৰাজ্যত চলি থকাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে ৷ কিন্তু এই ক্ষেত্ৰত চোৰাং ব্যৱসায়ীক দমন কৰিবলৈ সক্ষম হোৱা নাছিল চৰকাৰ প্ৰশাসন ৷ সৰু-সুৰা দুই এক আৰক্ষীৰ জালত পৰিলেও বাচি গৈছিল ডাঙৰ ডাঙৰ ৰৌ-বৰালি ৷ এতিয়া খোদ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীয়ে যেতিয়া চাউলৰ ক’লা বেহা চলি থকাৰ কথা স্বীকাৰ কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা কৈছে, গতিকে লক্ষণীয় হ’ব চৰকাৰৰ পদক্ষেপ ৷

লগতে পঢ়ক : ধুবুৰী আৰক্ষীৰ জালত MGNREGA ৰ দুৰ্নীতিত অভিযুক্ত দুই শীৰ্ষ বিষয়া

একেদৰে পঞ্চায়ত পৰ্যায়তো বিভিন্ন আঁচনি ৰূপায়নৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ দেখা যায় ৷ ৰাজ্যৰ কেইবাটাও পঞ্চায়তৰ সচিব-সভাপতি ইতিমধ্যে দুৰ্নীতিৰ অভিযোগত আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব লগীয়া হৈছে ৷ ইতিমধ্যে পঞ্চায়ত-গ্ৰামোন্নয়ন দপ্তৰৰো মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই দুৰ্নীতি নিৰ্মূলৰ বাবে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে ৷ সেয়ে মন্ত্ৰীজনে পঞ্চায়ত পৰ্যায়ত পৰিৱৰ্তন সাধন কৰি দুৰ্নীতিৰ দাগ মোচন কৰিব পাৰে নে নোৱাৰে সেয়া সময়ে ক’ব ৷

লগতে পঢ়ক : নতুন SOP মানি মাস্ক পৰিধান কৰি শিক্ষানুষ্ঠানত উপস্থিত শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.