বৰপেটা, 23ছেপ্টেম্বৰ : বুধবাৰে বৰপেটা জিলাত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷ সভাখনত বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাৰ বিৰুদ্ধে পঞ্চায়ত খনৰে ১০ গৰাকী সদস্যৰ অনাস্থা প্ৰস্তাৱ কৰা সন্দৰ্ভত আলোচনা কৰা হয় ৷ ১৭ আগষ্টত ১২ দফীয়া অভিযোগৰ ভিত্তিত গ্ৰহণ কৰা হৈছিল এই অনাস্থা প্ৰস্তাৱ ৷
কলগাছিয়াৰ ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বৰপেটা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপৰ সভাপতিত্ত্বত অনুষ্ঠিত হয় এই সভাখন ৷ উক্ত সভাৰ অন্তত সভাপতি ৰফিক ভূঞাৰ বিৰুদ্ধে অনা অনাস্থাক ভিত্তি কৰি ১৯৯৪ চনৰ পঞ্চায়ত আইনৰ ১৫ নং ধাৰাৰ অধীনত গণতান্ত্ৰিক পদ্ধতিৰে গোপন বেলটৰ জৰিয়তে অনুষ্ঠিত কৰা হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া । প্ৰাপ্ত তথ্য অনুসৰি, অনাস্থাৰ সপক্ষে ১০ গৰাকী সদস্যই ভোট দান কৰিছে ৷ অতি শীঘ্ৰে অনাস্থা গৃহীত কৰাৰ বাবে বৰপেটা জিলাৰ উপায়ুক্তক আবেদন কৰা হ'ব ।
ইফালে, ১০ গৰাকী সদস্যই অনা ১২ দফীয়া অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাই ।
অন্য এক খবৰৰ বাবে: প্ৰাক্তন ডিআইজি পিকে দত্তৰ বাসগৃহত নিশা আৰক্ষী আৰু চিআইডিৰ অভিযান