ETV Bharat / state

8 গৰাকী বিশিষ্ট ব্যক্তিলৈ সাহিত্য সাধনা বঁটা

কলগাছিয়াত ২০২০ আৰু ২০২১ বৰ্ষৰ বাবে 8 গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয় ৷ কলগাছিয়াৰ নৱোদয় পুথিভঁৰালত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ভালে সংখ্যক সাহিত্যিক আৰু সমাজকৰ্মীক সম্বৰ্ধনা জনোৱাৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

new-year-and-felicitation
২০২০ আৰু ২০২১ বৰ্ষৰ বাবে আঠগৰাকী বিশিষ্ট ব্যক্তিলৈ সাহিত্য সাধনা বঁটা প্ৰদান
author img

By

Published : Jan 1, 2021, 9:49 PM IST

জনীয়া, 1 জানুৱাৰী : ২০১৪ চনৰ প্রথম জানুৱাৰীৰ পৰা কলগাছিয়াৰ প্রগতিশীল সাহিত্য প্রকাশনে প্রতি বছৰৰ জানুৱাৰী মাহৰ প্রথম দিনটো সাহিত্য আলােচনা, গ্রন্থ উন্মােচন আৰু বিভিন্ন ধৰণৰ গঠনমূলক চিন্তা কৰি নৱবর্ষ উদযাপন কৰি আহিছে। এইবাৰো ২০২১ চনৰ ১ জানুৱাৰীত বিশিষ্ট অর্থনৈতিক নিবন্ধকাৰ শ্ৰী অনন্ত কলিতা, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড° হাফিজ আহমেদ, পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যাপক তথা লেখক দ্বিজেন বর্মন আৰু নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ড° শ্বেইখ শ্বাহজামালক সাহিত্য সাধনা বঁটা-২০২০ আৰু বিটিআৰ’ৰ উচ্চ শিক্ষা সঞ্চালক হিচাপে অৱসৰ লোৱা সু-সাহিত্যিক খবিৰ আহমেদ¸ পাঠশালা বজালীৰ হস্ততাঁত আৰু বয়ন শিল্প বিভাগৰ এগৰাকী বিষয়া তথা বিশিষ্ট সাহিত্যিক মৃণাল চন্দ্ৰ কলিতা¸অসৰপ্ৰাপ্ত শিক্ষক তথা ৪৫ খন গ্ৰন্থৰ প্ৰণেতা, সাহিত্যৰ নীৰৱ সাধক আবুল হুছেইন আৰু কাব্যচন্দ্ৰমাৰে বিভূষিত সাহিত্যিক নঞ্জু দত্তলৈ সাহিত্য সাধনা বটা-২০২১ প্ৰদান কৰা হয় ।

new-year-and-felicitation
8 গৰাকী বিশিষ্ট ব্যক্তিলৈ সাহিত্য সাধনা বঁটা

কলগাছিয়াৰ নৱোদয় পুথিভঁৰালত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ভালে সংখ্যক সাহিত্যিক আৰু সমাজকৰ্মীক সম্বৰ্ধনা জনোৱাৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় । নৱবৰ্ষত ভোজভাত খাই পাৰ কৰাৰ সলনি এইদৰে সৃষ্টিশীল ভাল কামৰ দ্বাৰা নৱবৰ্ষ উদযাপন কৰিবলৈ প্ৰগতিশীল সাহিত্য প্ৰকাশনৰ সভাপতি মঃ মোস্তাফিজুৰ ৰহমান, সঞ্চালক চানমামুদ আহমেদ আৰু সম্পাদক জাহিদুল ইছলামে আহ্বান জনায় ।

লগতে পঢ়ক: Covishield-ৰ আপাতকালীন ব্যৱহাৰৰ বাবে DCGIক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা SEC ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.