ETV Bharat / state

বানাক্ৰান্তক সহায়ৰ বাবে এনডিআৰএফৰ অভিযান অব্যাহত

author img

By

Published : Jul 27, 2020, 8:49 PM IST

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দিঘিৰপাম গাঁৱত এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । গাঁওখনৰ বানত ককবকাই থকা 90 গৰাকীকৈ লোক আৰু 30 টাকৈ পশুধন উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে এনডিআৰএফ বাহিনীয়ে ।

NDRF rescue operation
বানাক্ৰান্তক সহায়ৰ বাবে এনডিআৰএফৰ অভিযান অব্যাহত

গুৱাহাটী,27 জুলাই : ক'ভিড-19 ৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ প্ৰতিদিনে বানত বুৰ গৈছে নতুন-নতুন অঞ্চল ৷ একেদৰে বৃদ্ধি পাই আহিছে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৷

বানপীড়িত লোকক সহায় কৰাৰ স্বাৰ্থত চৰকাৰ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ আছে ৷ এনডিআৰএফ বাহিনীৰ সহযোগত প্ৰতিদিনেই উদ্ধাৰ অভিযান চলি আছে ৷

শেহতীয়াকৈ,বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দিঘিৰপাম গাঁৱত এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । গাঁওখনৰ বানত ককবকাই থকা 90 গৰাকীকৈ লোক আৰু 30 টাকৈ পশুধন উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে এনডিআৰএফ বাহিনীয়ে ।

উল্লেখ্য় যে,চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ 23 খন জিলাৰ ২৪,৭৬,৪৩১ গৰাকী লোক বৰ্তমান বানৰ কবলত পৰিছে । মুঠ 269 টা আশ্ৰয় শিবিৰত ৪৫,৯১২ গৰাকী লোক আছে আশ্ৰয় শিবিৰত আছে । এতিয়ালৈ বানত ক্ষতিগ্ৰস্ত হৈছে ১,১২,৬৬৭,০৬ হেক্টৰ কৃষিভূমি । এই পৰ্যন্ত বানত মৃত্যু হৈছে ১০২ গৰাকীকৈ লোক ।

লগতে পঢ়ক : কোভিড-19 পৰীক্ষণ : ভাৰতত উপস্থিত ইজৰাইলৰ স্বাস্থ্যকৰ্মীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.