ETV Bharat / state

National Flag Day: কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ উদ্যোগত সজাগতা ৰেলী - Communal Harmony Campaign and Fund Raising Week

১৯ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰচাৰ সপ্তাহ আৰু পতাকা দিৱস (National Communal Harmony Campaign Week) । এই উপলক্ষে কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ পৰা এক বৃহৎ সজাগতা ৰেলীৰ আয়োজন কৰে (National Flag Day observed at Nabajyoti College) ।

Kalgachia
Kalgachia
author img

By

Published : Nov 25, 2022, 3:33 PM IST

জনীয়া, ২৫ নৱেম্বৰ : ১৯ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰচাৰ সপ্তাহ আৰু পতাকা দিৱস (National Communal Harmony Campaign Week) । এই উপলক্ষে কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে এক বৃহৎ সজাগতা ৰেলীৰ আয়োজন কৰে (National Flag Day observed at Nabajyoti College) । উল্লেখ্য, ২৫ নৱেম্বৰত ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰচাৰ সপ্তাহৰ অন্তিম দিনটো পতাকা দিৱস হিচাবে পালন কৰা হয় ।

কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ উদ্যোগত সজাগতা ৰেলী

সেই উপলক্ষে আজি কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ পৰা কলগাছিয়া চাৰিআলিৰ মাজেৰে পাট বজাৰ হৈ পুনৰ নৱজ্যোতি মহাবিদ্যালয়লৈ এক সজাগতা ৰেলী উলিওৱা হয় । উল্লেখ্য, ভাৰতবৰ্ষত সৃষ্টি হোৱা সন্ত্ৰাসবাদ, জাতিগত সংঘৰ্ষ আদিৰ বিৰুদ্ধে ১৯৯৮ চনত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত এক সংহতি দিৱস ঘোষণা কৰে । তাৰেই অংশ হিচাবে নৱেম্বৰ মাহৰ ১৯ তাৰিখৰ পৰা ২৫ তাৰিখলৈকে এই কাৰ্যসূচী পালন কৰা হয় । এই সপ্তাহজোৰা কাৰ্যসূচীত বিভিন্ন ধৰণৰ গীত-মাত, চিত্ৰাংকন প্ৰতিযোগিতা, দেশভক্তিমূলক গীত আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

ইয়াৰ উপৰি উক্ত ৰেলীৰ যোগেদি পুঁজি সংগ্ৰহৰ এক বিশেষ ব্যৱস্থাও গ্ৰহণ কৰা হয় । উক্ত পুঁজি ৰাষ্ট্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা দিয়া হ'ব যাতে উক্ত পুঁজিৰ ধনেৰে ভাৰতৰ সংঘৰ্ষপীড়িত কেইবাখনো ৰাজ্য যেনে জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, অসম আদি ৰাজ্যসমূহক আৰ্থিক সাহায্য দিব পৰা যায় । উক্ত কাৰ্যসূচীত দেশবাসীক নিজ নিজ সংস্কৃতি ৰক্ষা কৰি মহান ভাৰতীয় সংস্কৃতি মজবুত কৰিবলৈ আহ্বান জনায় নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ছাহজান আলী আহমেদে ।

উল্লেখ্য, নেচনেল ফাউণ্ডেচন ফৰ কমিউনেল হাৰমনিয়ে (National Foundation for Communal Harmony, NFCH) প্ৰতি বছৰে 19 ৰ পৰা 25 নৱেম্বৰলৈ সাম্প্ৰদায়িক সম্প্ৰীতি অভিযান আৰু পুঁজি সংগ্ৰহ সপ্তাহ পালন কৰে । এই সপ্তাহটোৰ অন্তিম কৰ্মদিনটো পতাকা দিৱস হিচাপে পালন কৰা হয় (Communal Harmony Campaign and Fund Raising Week) ।

উক্ত সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰচাৰ সপ্তাহৰ দুটা মুখ্য উদ্দেশ্য হৈছে : হিংসাৰ দ্বাৰা প্ৰভাৱিত অনাথ বা নিঃস্ব শিশুৰ শাৰীৰিক আৰু মানসিক সমৰ্থনৰ বাবে অনুদান সংগ্ৰহ কৰাৰ আৰু জনসাধাৰণৰ মাজত ভ্ৰাতৃত্ববোধৰ প্ৰচাৰ, শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখা আৰু ৰাষ্ট্ৰীয় একতা স্থাপন ।

সাম্প্ৰদায়িক সম্প্ৰীতি অভিযান সপ্তাহত ফাউণ্ডেচনৰ সহায়ত বিভিন্ন ৰাজ্যৰ হিংসাৰ বলি হোৱা কেইগৰাকীমান শিশুক তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ দিল্লীলৈ আমন্ত্ৰণ জনোৱা হয় । যাৰ দ্বাৰা সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ৰাষ্ট্ৰীয় একতাক প্ৰচাৰ কৰা হয় (communal harmony and National integration) ।

এই শিশুসকলে ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ আৰু গৃহমন্ত্ৰীৰ দৰে বিশিষ্ট ব্যক্তিসকলক পতাকা পিন্ধায় । শিশুসকলক দিল্লীৰ স্থানীয় ঐতিহ্যমূলক স্থানসমূহ দৰ্শনৰ বাবেও লৈ যোৱা হয় । আমন্ত্ৰিত শিশুসকলক তেওঁলোকৰ অভিভাৱক আৰু সুৰক্ষাকৰ্মীৰ সৈতে ৰাজঘাট, জামা মছজিদ, লালকিল্লা, কুতুব মিনাৰ, লোটাছ টেম্পল, ৰে'ল সংগ্ৰহালয়, ৰাষ্ট্ৰপতি ভৱন, ইণ্ডিয়া গে'ট ইত্যাদিলৈ নিয়া হয় ।

লগতে পঢ়ক : Amit Shah praises Lachit bravery : "বিকৃত ইতিহাসক শুদ্ধ ৰূপত লিখাত কোনেও বাধা দিব নোৱাৰে"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.