বৰপেটাৰোড, 8 জুলাই : সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত শুকানজাঁনিত বুধবাৰে সংঘটিত হয় এক অঘটন ৷ অভিযোগ অনুসৰি, বাসন্তী দাস (৩৫) নামৰ মহিলা গৰাকীয়ে ডিঙি ৰেপি আৰু লোৰ মাৰিৰে কোবাই হত্যা কৰে স্বামীক ৷ নিহত ব্যক্তিজনৰ নাম গৌৰী দাস (৫০) ৷
ঘটনাৰ বিৱৰণী অনুসৰি, নিহত গৌৰী দাসে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল পত্নী বাসন্তী দাসৰ ওপৰত ৷ দীৰ্ঘদিনীয়া অত্যাচাৰত অতিষ্ঠ হৈ বাসন্তী দাসে বুধবাৰে মৰিয়াই মৰিয়াই হত্যা কৰে স্বামী গৌৰী দাসক ৷ এই ঘটনা সংঘটিত কৰিয়েই বাসন্তী দাস নামৰ মহিলাগৰাকীয়ে সৰভোগ থানাত আত্মসমৰ্পণ কৰে ৷
এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ সৰভোগ অঞ্চলতে বিৰাজ কৰিছে চাঞ্চল্যই ৷
ইফালে বাসন্তী দাসে আত্মৰক্ষাৰ বাবে নিজ গৃহতে স্বামীক হত্যা কৰিবলৈ বাধ্য হৈছে বুলি সৰভোগ আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে ৷ আৰক্ষীয়ে গৌৰী দাসৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইতিমধ্যে সৰভোগ আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: কাৰাবন্দী ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ড্ৰাগছ