বৰপেটা, ২৭ ফেব্ৰুৱাৰীঃ বৰপেটাত জঘন্য় কাণ্ড । দুই বছৰীয়া এজনী কণমানিক যৌন নিৰ্যাতন ৬৫ বছৰীয়া ভকতৰ।
মুখত সদা হৰে কৃষ্ণ, হৰে ৰাম, কিন্তু কামতহে নৰাধম৷ ডিঙিত তুলসীৰ মালা, মুখত থাকে হৰি-ৰাম, কৃষ্ণ ধ্বনি ৷ এই ভকতজনৰ নাম হৈছে শ্ৰীদাম দাস ৷ অভিযোগ মতে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰিৰ সমীপৰ কদমতলা গাঁৱৰ এইগৰাকী ভকতৰ যৌন আতিশয্যৰ বলি হ'বলগীয়া হৈছে এগৰাকী দুই বছৰীয়া দেৱশিশু ৷
১৫ ফেব্ৰুৱাৰীত ঘৰৰ কাষৰে শ্ৰীদাম দাসৰ ঘৰলৈ খেলিবলৈ যোৱা শিশুটিক যৌন আতিশয্য চলাইছিল ভকতজনে ৷ তেৰ দিন পূৰ্বেই সংঘটিত হোৱা এই ঘটনাকলৈ এতিয়া ক্ষুদ্ধ অঞ্চলবাসী । কাৰণ এই ঘটনাৰ পাচতেই তাৰাবাৰী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছিল যদিও তেৰ দিন উকলি যোৱাৰ পিচতো দোষীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই আৰক্ষীয়ে । এই অভিযোগ তুলিছে স্থানীয় লোকে । বৰঞ্চ অভিযুক্তৰ সৈতে আৰক্ষীয়ে বুজা পৰা কৰাৰহে উপদেশ দিয়ে বুলি উল্লেখ কৰিছে গাঁওবাসীয়ে । আৰক্ষীৰ এনে আচৰণত এতিয়া ক্ষুব্ধ হৈ পৰিছে গাঁৱৰ পুৰুষ-মহিলা। যাৰ বাবে গাঁৱৰ শ-শ পুৰুষ মহিলাই বুধবাৰে শাস্তিৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও শ্ৰী দাম দাস কেবাটাও যৌন আতিশয্যৰ ঘটনাৰ সৈতে জড়িত থকা বুলি অভিযোগ তুলিছে গাঁওবাসীয়ে ৷