ETV Bharat / state

MLA Sherman Ali controversy: টেন্ট নেদেখি টিঙিৰি তুলা বিধায়ক শ্বেৰমান; চাকৰি খোৱাৰ ভাবুকি চৰকাৰী বিষয়াক - MLA Sherman Ali at Baghbar

পুনৰ অন কেমেৰা একাংশ চৰকাৰী বিষয়াক ধমক দিলে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে । আধাৰশিলা উন্মোচন কাৰ্যসূচীত প্ৰয়োজনীয় ৰভা তথা টেন্টৰ ব্যৱস্থা নকৰা বিষয়ত বিষয়াৰ চাকৰি খাই পেলোৱাৰ হুংকাৰ প্ৰদান বিধায়কগৰাকীৰ ৷

MLA Sherman Ali at Baghbar
বিধায়ক শ্বেৰমান আলী
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 1:05 PM IST

Updated : Sep 1, 2023, 1:58 PM IST

অন কেমেৰা একাংশ চৰকাৰী বিষয়াক ধমক শ্বেৰমান আলীৰ

জনীয়া, 1 ছেপ্তেম্বৰ: পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে । বৃহস্পতিবাৰে সমষ্টিৰ আলোপতিত উন্নয়ণমূলক কামৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি বিষয়া কৰ্মচাৰীৰ ওপৰত খৰ্গহস্ত হৈ পৰে বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদ । সমষ্টিৰ কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিবলৈ অহা বিধায়ক শ্বেৰমান আলীয়ে আলোপতিত উপ-স্বাস্থ্যকেন্দ্ৰৰ 52 লাখ টকীয়া গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ স্থানত টেন্টৰ ব্যৱস্থা নকৰাৰ বাবেই খঙত টিঙিৰি-তুলা হৈ পৰে বিধায়ক শ্বেৰমান আলী ।

খঙত খৰ্গহস্ত হৈ বিধায়ক গৰাকীয়ে মন্দিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া, কনিষ্ঠ অভিযন্তা আৰু বি পি এমৰ ওপৰত তৰ্জন গৰ্জন কৰিয়েই ক্ষান্ত নাথাকি উৰ্ধ্বতম কৰ্তৃপক্ষক অভিযোগ দিয়াৰ লগতে বিধানসভাৰ মজিয়াত এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিব বুলিও ভাবুকি প্ৰদান কৰে ।আনকি বিধায়ক শ্বেৰমান আলীয়ে মিঞা জাতিক লৈ অশালীন গালি গালাজ কৰা তথা বিতৰ্কিত মন্তব্য আগবঢ়োৱা বুলিও অভিযোগ উত্থাপিত হৈছে ।

সাধাৰণ বিষয় এটা সন্দৰ্ভত চৰকাৰী বিষয়া-কৰ্মচাৰীক এনেদৰে দুৰ্ব্যৱহাৰ কৰা কাণ্ডত হতভম্ব হৈ পৰে উপস্থিত সকলোৱে । ৰভাৰ ব্যৱস্থা নকৰাৰ বাবেই অন কেমেৰা একাংশ চৰকাৰী বিষয়াক কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে ধমক দিয়া কাৰ্যই ৰাজ্যত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । আধাৰশিলা উন্মোচন কাৰ্যসূচীত প্ৰয়োজনীয় ৰভা তথা টেন্টৰ ব্যৱস্থা নকৰা বিষয়ত বিষয়াৰ চাকৰি খাই পেলোৱাৰ হুংকাৰ প্ৰদান কৰাও পৰিলক্ষিত হৈছে বিধায়কগৰাকীয়ে ৷

সততে বিতৰ্কিত মন্তব্য আৰু চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰি বাতৰিৰ শিৰোনামত থাকিব বিচৰা বিধায়ক শ্বেৰমান আলীৰ এনে অভব্য আচৰণ সচেতন মহলৰ মাজত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ।

লগতে পঢ়ক: Ajp slams state BJP president: ভৱেশ কলিতাক অস্তিত্বহীন সজালে দুলু আহমেদে

Last Updated : Sep 1, 2023, 1:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.