ETV Bharat / state

সত্ৰীয়া পৰম্পৰাই জাতিটোক শক্তিশালী কৰিব : অখিল গগৈ - মূল্যবৃদ্ধি অসম তথা ভাৰতৰ আটাইতকৈ ডাঙৰ সমস্যা

সত্ৰীয়া পৰম্পৰাই জাতিটোক শক্তিশালী কৰিব (Satriya Culture will strengthen the nation) ৷ সেয়ে সত্ৰীয়া পৰম্পৰা জীয়াই ৰাখক সকলোৱে ৷ বৃহস্পতিবাৰে বৰপেটা সত্ৰত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi visited at Barpeta Satra)৷

MLA Akhil Gogoi visited at Barpeta Satra
সত্ৰীয়া পৰম্পৰাই জাতিটোক শক্তিশালী কৰিব
author img

By

Published : May 19, 2022, 8:42 PM IST

বৰপেটা, 19 মে’ : ‘‘বৰপেটা সত্ৰ অসমৰ এক গুৰুত্বপূৰ্ণ অংগ । বৰপেটা সত্ৰ নিশ্চিতভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ যোগ্য । অসমৰ সমাজ আৰু চৰকাৰে শিৱসাগৰ বা বৰপেটা সত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰাৰ বাবে যিখিনি কাম কৰিব লাগিছিল, সেই খিনি কৰিব পৰা নাই’’ । মাধৱদেৱ প্ৰতিষ্ঠিত বৰপেটা সত্ৰত উপস্থিত হৈ বৃহস্পতিবাৰে এই মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi visited Barpeta Satra)৷

MLA Akhil Gogoi visited at Barpeta Satra
সত্ৰীয়া পৰম্পৰা জীয়াই ৰাখক সকলোৱে : অখিল গগৈ

লগতে বিধায়কগৰাকীয়ে কয় যে, সত্ৰত থকা সাঁচিপাতৰ পুথি আৰু সম্পদসমূহ বিজ্ঞানসম্মতভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে ৷ তেওঁ কয়, বৰপেটা সত্ৰত নিৰ্মীয়মান অৱস্থাত থকা সংগ্ৰহালয়টোৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষই ৷ আনকি অসমৰ ধৰ্মীয় পৰম্পৰা জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনাই বিধায়ক গগৈয়ে ।

সত্ৰীয়া পৰম্পৰাই জাতিটোক শক্তিশালী কৰিব : অখিল গগৈ

তেহে সত্ৰীয়া পৰম্পৰাই জাতিটোক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ বিধায়ক অখিল গগৈয়ে (Satriya Culture will strengthen the nation) ৷

লগতে পঢ়ক : বানৰ বিভীষিকা: ৩৬২ কোটি টকীয়া ৰঙানদীৰ মথাউৰিলৈ ভাবুকি

ইপিনে মূল্যবৃদ্ধিৰ সম্পৰ্কতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অখিল গগৈয়ে (Akhil Gogoi reacts on price hike)৷ নৰেন্দ্ৰ মোডীয়ে শাসনলৈ অহাৰ সময়ত থকা এল পি জি গেছৰ চিলিণ্ডাৰ, পেট্ৰ'ল, ডিজেল আদিৰ মূল্য তুলনামূলকভাৱে বৰ্তমান বৃদ্ধি পাইছে ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷

আনকি মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰক কৰ হ্ৰাস কৰাৰ আহ্বান বিধায়ক গগৈৰ ৷ আনহাতে, চৰকাৰে কোম্পানীৰ এজেন্ট হিচাপে কাম কৰি থকাৰ বাবেই দাম কমোৱাৰ চেষ্টা নকৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷ সেয়ে পেট্ৰ'ল-ডিজেলত জি এছটি(GST) লগোৱাৰ দাবী কৰে অখিল গগৈয়ে ৷

লগতে তেওঁ কয়, বৰ্তমান মূল্যবৃদ্ধি অসম তথা ভাৰতৰ আটাইতকৈ ডাঙৰ সমস্যা ৷ শীঘ্ৰে এই সমস্যা সমাধান নহ'লে ভাৰততো শ্ৰীলংকা সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ৷ আনহাতে, তেওঁ বৃহৎ নদীবান্ধ সমস্যা সম্পৰ্কেও সংবাদমাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক : Dima Hasao Tragedy: পৰিস্থিতি বুজ ল’বলৈ ডিমা হাছাওত যোগেন মহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.