ETV Bharat / state

Miscreants Destroy Tomato Cultivation : কলগাছিয়াত এজন দুৰ্ভগীয়া কৃষকৰ বিননি

author img

By

Published : Dec 4, 2021, 4:50 PM IST

বৰপেটাৰ দাৱনদিয়া গাঁৱৰ এজন এজন দুৰ্ভগীয়া কৃষকৰ বিননি ৷ শুকুৰবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে আবুল কালাম নামৰ খেতিয়কজনৰ বিলাহী খেতিত প্ৰৱেশ কৰি খেতিদৰা কৰিলে তহিলং(Miscreants destroy the tomato plant cultivation in Kalgachia) ৷

culprit destroy the tomato plant cultivation in Kalgachia
কলগাছিয়া দুষ্কৃতিকাৰীয়ে তহিলং কৰিলে বিলাহী খেতি

জনীয়া , 4 ডিচেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া কৃষি চক্ৰৰ অন্তৰ্গত দাৱনদিয়া গাঁৱত অঘটন ৷ কান্দোনত ভাঙি পৰিছে গাঁওখনৰ এজন দৰিদ্ৰ খেতিয়ক ৷ এই দুৰ্ভগীয়া কৃষকজনৰ নাম আবুল কালাম ৷

ঘটনা অনুসৰি আবুল কালামে বন্ধন গোট আৰু স্থানীয় মহাজনৰ পৰা 70 হাজাৰ টকাৰ ঋণ লৈ ডেৰ বিঘা মাটিত কৰিছিল বিলাহী খেতি । সম্মুখত মাত্ৰ কেইটামান দিনহে বাকী আছিল পুৰঠ হ’বলৈ আৰম্ভ কৰা বিলাহীবোৰ চিঙিবলৈ । কিন্ত শুকুৰবাৰে নিশা অন্ধকাৰৰ সুযোগ লৈ কোনো দুষ্কৃতিকাৰীয়ে কালামৰ খেতিত প্ৰৱেশ কৰি অধিকাংশ বিলাহী গছ কাটি তহিলং কৰে(Miscreants destroy the tomato plant cultivation) ৷ মূৰৰ ঘাম মাটিত পেলাই পৰিয়ালৰ সকলো সদস্যই দিনে-নিশাই হাড়ভঙা পৰিশ্ৰমেৰে কৰিছিল এই বিলাহী খেতি ডৰা । এনে এক অঘটনৰ পিছত এতিয়া উপায়হীন হৈ মূৰে কপালে হাত দিছে পৰিয়ালটোয়ে ৷

এই বিলাহী খেতিডৰাৰ ওপৰতে আৰ্থিকভাৱে নিৰ্ভৰ কৰিছিল কালামৰ পৰিয়ালটি ৷ ইফালে নিৰ্ধাৰিত সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰি অধিক ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে কালাম আৰু তেওঁৰ পত্নী । চাৰিটি সন্তানসহ 6 জনীয়া পৰিয়ালটোৰ একমাত্ৰ ভৰষা এই বিলাহী খেতিডৰা নষ্ট হৈ যোৱাৰ ফলত এতিয়া উপায়ন্তৰ হৈ পৰিছে কালাম ।

স্থানীয় ৰাইজে আবুল কালামৰ পৰিয়ালটোক আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰি উদ্ধাৰ কৰিবৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাক ৷ লগতে আৰক্ষীয়ে দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিবলৈও জনাইছে আহ্বান ।

লগতে পঢ়ক: Mustard Cultivation Destroy : বাইহাটাত দুৰ্বৃত্তই ধ্বংস কৰিলে সৰিয়হৰ খেতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.