বৰপেটা, 29 অক্টোবৰ : এগৰাকী শিক্ষকৰ কৰ্মকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বৰপেটাৰ পাটবাউসীৰ ৰাইজৰ মাজত ৷ এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ৷ ব্যক্তিজন বৰপেটাৰ পাটবাউসী মজলীয়া বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষক আৰু সেই বিদ্যালয়খনৰে শিক্ষাৰ্থী আছিল নিৰ্যাতনৰ বলি হোৱা নাবালিকা গৰাকী ৷
অভিযোগ মতে, বৰপেটাৰ গণককুছিৰ নিবাসী পৱন দাস নামৰ শিক্ষকগৰাকীয়ে শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল নিজে শিক্ষাদান কৰা এগৰাকী শিক্ষাৰ্থীক ৷ শিক্ষাৰ্থী গৰাকীৰ অভিভাৱকৰ অভিযোগ অনুসৰি, বিদ্যালয়ৰ এটা কোঠালৈ মাতি নি ছাত্ৰীগৰাকীৰ শৰীৰত হাত দিছিল লম্পট শিক্ষকজনে ৷ ছাত্ৰী গৰাকীয়ে এই কথা নিজ মাতৃক অৱগত কৰাৰ পাচতে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ৷
লগতে পঢ়ক: গৰুখুটিৰ দৰে লামডিং বনাঞ্চলতো উচ্ছেদ চলাবলৈ সাজু হৈছে চৰকাৰ
ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে ইতিমধ্যে লম্পট শিক্ষকজনৰ বিৰুদ্ধে বৰপেটা সদৰ আৰক্ষীৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ কিন্তু শিক্ষক গৰাকী পলাতক অৱস্থাত থকাৰ বাবে এতিয়াও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৷ অভিযুক্ত পৱন দাসক বিছাৰি অভিযান অ্যাহত ৰাখিছে বৰপেটা সদৰ আৰক্ষীয়ে ৷
উল্লেখ্য যে, শিক্ষক পৱন দাসৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে বহু গুৰুতৰ অভিযোগ ৷ শেহতীয়াকৈ সেই একে গৰাকী শিক্ষকৰ কৰ্মকাণ্ডই শিক্ষক সমাজক লজ্জানত কৰাৰ লগতে বৰপেটা আৰু পাটবাউসী অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এনেক্ষেত্ৰত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছে সচেতন মহলে ৷
লগতে পঢ়ক: ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন...