বৰপেটা, ২৭ আগষ্ট: নিজে অধ্যয়ন কৰা বৰপেটা চহৰৰ ১ নং দলাহাটী নিম্ন বুনিয়াদী বিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Minister Ranjeet Kumar Das) ৷ সত্ৰনগৰী বৰপেটাৰ এই বিদ্যালয়খনতে তাহানি ক আৰু খ শ্ৰেণীত পঢ়াকালত অকন মাষ্টৰৰ বেতৰ কোব খোৱাৰ স্মৃতি সোঁৱৰণ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান আৰু চৰকাৰে গ্ৰহন কৰা বিদ্যাঞ্জলী আঁচনিৰ(Vidyanjali school volunteer programme) প্ৰতি সঁহাৰি জনাই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে একালত নিজে দুটাকৈ শ্ৰেণীত পঢ়ি যোৱা বিদ্যালয়খনলৈ চাৰিখন ফেন আৰু এটা ৰেক আগবঢ়ায় (Ranjeet Das Donates for school infrastructure) ৷
শনিবাৰে বিদ্যালয় পৰিদৰ্শনকালত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে যিসমূহ বিদ্যালয়ত ছাত্ৰতকৈ শিক্ষকৰ সংখ্যা অধিক আছে তেনে বিদ্যালয়ৰ শিক্ষকক কম শিক্ষক থকা বিদ্যালয়লৈ বদলিৰ আহ্বান জনায় ৷ আনহাতে ছাত্ৰ-ছাত্ৰী নথকা বা অতি কম সংখ্যক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহক একত্ৰিকৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক তেওঁ আদৰণি জনায় (Assam school amalgamation)৷
ইপিনে এই পৰিদৰ্শনকালতে বিদ্যালয়খনৰ কাৰ্যালয় ভৱনটোৰ অতি বিপদজ্জন অৱস্থা প্ৰত্যক্ষ কৰি কোনো ভয়াৱহ বিপদ সংঘটিত হোৱাৰ পূৰ্বেই ভৱনটো মেৰামতিৰ ব্যৱস্থাৰ লোৱাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ আজিৰ বিদ্যালয় পৰিদৰ্শনকালত জিলা প্ৰশাসনৰ কেবাজনো বিষয়া উপস্থিত থাকে ৷
লগতে পঢ়ক: দুদিন ধৰি চলিয়েই আছে হিমন্ত আৰু কেজৰিৱালৰ টুইট যুদ্ধ